Sunday, 31 January 2021

উকলা এক.....

 


তোমাৰ জীৱনৰ মই  উকলা  এক...

অংকৰ থিয় বেৰত আঁউজি,

যোগ-বিয়োগৰ দলিচাত বাগৰি,

কেতিয়াবা নীলা চিয়াঁহীৰ strikethroughৰ আঘাতত

আৰু কেতিয়াবা eraserৰ প্ৰহাৰত

চলি থাকে উকলা একৰ যাযাবৰি জীৱন ...


কোনোবা অসমাপ্ত গল্পৰ  এটি পাত্ৰৰ দৰে

এটা যেন আধা - শুনা , আধা- লেখা কাহিনী ,

নতুবা গধূলিৰ ঢিমিক-ঢামাক  পোহৰত

চকামকা ছায়াচ্ছন্ন  এটা ধূসৰ সপোন...

এটা জটিল  পাটীগণিতৰ মই উকলা  এক,

Strikethrough নতুবা  eraser ৰ অপেক্ষাত...