শেৱালী-হাচনাহানা



গোট মাৰি যোৱা  নিষিদ্ধ পল্লীৰ কাষতে পৰি আছে

শেৱালী ফুলবোৰ..  

চিন্ময়ীৰ দেখা-দেখি নাই;

এইবাৰ শৰৎ নিস্তব্ধ, এইবাৰ উকা পদূলি।

নেথাকে  আবেলিৰ আৰতি,

নজ্বলিব এশ- এযুত বন্তি।

বতাহতো নাই পূজা-পূজা গোন্ধ

কিন্তু শেৱালী -হাচনাহানায়ে আশা এৰা নাই।

শাৰদীয়ে আকৌ হাঁহিব,

তৰাৰ বুটা-বচা আঁচলৰ চাদৰ লৈ শেৱালী-হাচনাহানাই মিচিকিয়াব……

 

 

 

Comments

Popular Posts