হয়তো সেই নিশা ধুমুহা আহিছিল. কৃষ্ণাই নদীৰ বগা বালিখিনিৰ সপোনবোৰ তুমি সোঁৱৰাই দিছিলা.. তোমাৰ বৰ্ত্তমান আৰু তোমাৰ অতীতৰ ঠিক মাজমজিয়াৰ এটা সৰু আলিবাটত মই থমকি ৰৈছিলো, তোমাৰ পৰিস্থিতি আৰু মোৰ বিবেকৰ কথা ভাবিবলৈ মোৰ সময়ৰ নাতনি হৈছিল.. মই লগ পাইছিলো তোমাক এদিন এখন চিনাকি চহৰৰ চিনাকি চুবুৰিত.. কিছুমান হেৰাই যোৱা মুকুতা বুটলি লৈছিলো তোমাৰ চোতালৰ পৰা.. তুমি মানা কৰা নাছিলা মোক.. মুকুতাৰ মালা গঁথাৰ সামৰ্থ্য মোৰ নাছিল, কিন্তু আজিও থৈ দিছো সযতনে সেই মুকুতাবোৰ এটা নিৰাপদ ঠিকনাত... হয়তো সেই নিশা ধুমুহা আহিছিল. সূৰ্য পাহাৰৰ উখ গছ কেইজোপামানৰ ছাঁত বহি তোমাৰ কথাবোৰ মনত পেলাইছিলো তোমাৰ অভিমান, তোমাৰ পৰিকল্পনা আৰু তোমাৰ দুচকুৰ সপোনবোৰ.. কৃষ্ণাই নদী আৰু সূৰ্য পাহাৰ নথকা চিনাকি চহৰখনৰ এটি আছুতীয়া নিৰ্জনতাৰ স' তে মই কেতিয়াবা তোমাৰ কথা পাতো, দৈনন্দিনৰ কোলাহলত মাজে-সময়ে মোৰ কাণত বাজি উঠে তোমাৰ কথাবোৰ.. বৰষুণে ধুই যোৱা চিনাকি চোতাল খনত আজিও মই মুকুতা বুটলো , তোমাৰ পৰিস্থিতি আৰু মোৰ বিবেকৰ কথা ভাবিবলৈ মোৰ সময়ৰ নাতনি হয়....
No comments:
Post a Comment