পাহৰা নাই
আজি বহু কথায়ে মনত পৰিছে
বাস্তবিকতাৰ পদূলিত লুকাই থকা অতীতৰ সোঁৱৰণীৰ কথা
আৰু কেতিয়াবা কোনোবা এটি জীপাল ৰাতি
সাৰ পাই উঠা ধূষৰ সপোনৰ কথা
পাহৰা নাই মই,
বিশ্বাসৰ আঁৰত মুখা পিন্ধি মনে-মনে চাই থকা অবিস্বাসৰ চাৱনি
আৰু মোক অঘৰী কৰি তোলা সেই আহিনৰ দুপৰীয়া
মোৰ দুৱাৰদলিত আজিও অবিস্বাসৰ ধোঁৱা...।
মই পাহৰা নাই,
শাওণৰ সেই ভৰ দুপৰীয়া
এখন নিতাল চহৰ আৰু এটি নিমাত ৰাষ্টা,
দুটি অচিনাকী অনুভৱ
আৰু কিছু আধৰুৱা কথা...
আজিও মোৰ মনত আছে
জেঠৰ সেই অকলশৰীয়া ৰাতিটো
আৰু হঠাতে ভাঁহি অহা এটি নেদেখা সপোন;
পাহৰা নাই আজিও,
সোণাৰু ফুলৰ দলিচা পৰা নৰকাসুৰ পাহাৰৰ
একা-বেকা কোনোবা এটা কেকুৰীত
মই অসাৱধানেৰে গছকি অহা এটি হাঁহি
আৰু চিৰজীৱনলৈ নিঃশেষ কৰি পেলোৱা সৰলতা...
Comments
Post a Comment