A poem


ধাৰাষাৰে পৰিছিল ধৰণীৰ বুকুত 
বৃষ্টিৰ অলেখ সৰু বৰ টোপাল,
শেষনিশা দেখিলোঁ মেঘৰসে নামি আহি
কৰিলেহি পিপাসু পৃথিৱী জীপাল 

বৃষ্টিয়ে আজি সানি দিলে আহি
জীৱনৰ ৰং শ্যামলীমাৰ বুকুত,
দেখিছানে তুমি আজি বহু নেদেখা আবেগ
প্রেয়সীৰ মৰমসনা সজল দুচকুত?

দেখিছানে দূৰৈত সৌ পাখি মেলা যুবতীৰ
উন্মনা ৰূপ বৰষাৰ আলিঙ্গনত?
সাৰ পাই উঠিছে মৰহা খৰিকাজাঁই
নিগৰি অহা এই সলিল পৰশত 

একা বেকা আলিবাট জলসিক্ত, জীপাল
 ৰূপেৰে ৰূপহী যামিনী,
নীলিমা আজি অভিমানী মেঘালীৰ সান্নিধ্যত
সেমেকা আলি-কেঁকুৰিত থমকিল ধৰণী 

বৰ্ষা তুমি আনিলা মনলৈ নিভৃত মধুৰ অভিজ্ঞানৰ ঢল,
সিক্ত মাদকতা আৰু ৰসালি আবেগ,
সেঙেতা স্পর্শৰ চেঁচা অনুভূতিবোৰে আমনি কৰেচোন
আকাশী স্বপ্ন মই দেখিছোঁ অনেক 

Comments

Popular Posts