Bhupen Hazarika....
এইটো জানো শেষ কবিতা মোৰ ????
সাজিলোঁ বহুতো সপোনৰ সাকো,
ৰচিলোঁ হেজাৰ আশাৰ গীত,
হেঙূলৰ বুকুত বিচাৰি আছিলোঁ
নব্য সৃষ্টিৰ অস্পষ্ট ইঙ্গিত…
কিয় জানো এনে ভাব আহিল মনলৈ
কোনে জানো মোক মাতিলে কাষলৈ ??
ভাহি উঠে সন্মুখত তেওঁৰ শুৱনি হাঁহি,
আলফুলে ক’লে,
“শাৰদীয় চেনেহীৰে ককাল ইমান লাহি………”
মেঘালয়ৰ উদাৰ মেঘে তেওঁৰে আহ্বানত
এদিন সাৱটি ধৰিছিল আমাৰ লুইতক..
বিমূর্ত্ত নিশাৰ এখনি নীলা চাদৰ,
আৰু মাঈহাঙ বাটিৰ সোৱাদ পানিৰ আদৰ…
পাওঁ তোমাৰ সুৰতে আমি……
কোনে জানো তোমাক মদাৰেৰে ৰিজালে ?
তোমাৰ মনৰ মানুহে মানুহৰ বাবে ভাবিছিল সহনুভূতিৰে…
এক ভয়াবহ যুগসন্ধিৰ বিভীষিকা নাশিলা তুমি,
সজাই তুলিলা মোৰ মন শৈশবৰ ধেমালিৰে……
শ্বিলংৰ গধূলী পৰত মই আৰু মোৰ ছাঁ,
ৰিমঝিম বৰষুণৰ নেপুৰৰ শব্দত
কুলি কেতেকিয়ে ইনালে বিনালে,
হম হম কৰা বুকুৰ স্পন্দনে
“হয় চাহেব হয়’ বুলি জিকিৰ শুনালে……
যাযাবৰ হৈ ঘূৰিলা পৃথিৱী,
ৰহদৈকো তুমি কৰিলা বাউলি;
লুইতৰে বহল পাৰত কৰিলা প্রণিপাত…
ক্ষণিক মৌন পৰত…আজি শেষ যাত্রাত…
বহু আস্থাহীনতাৰ বিপৰিতে গভীৰ আস্থা তোমাৰ গান,
অদ্বিতীয় ভূপেনদ্র তোমাৰ অবদান ।
দেখি তোমাৰ এইটি ৰূপ, মোৰ কবিতাৰ হেৰাই স্বৰূপ……
ক’লা নিশাটিৰ ক’লা কোচতে
ভাগৰি জিৰালে কবিতাৰ ছন্দ…
দিঠকৰ থেকেচাত সপোন উকলিল
দিৱসৰ পোহৰতো নাই আনন্দ ।।
কিন্তু থিতাতে মনত পৰিল
তোমাৰেই গানৰ কলি…
“অনাগত দিনৰ জাগ্রত প্রহৰী”
শেষ নহয় কবিতা, শেষ নহয় গীত,
লুইতৰ পাৰৰে আমি নতুন পুৰুষ ..
আমি নতুন নাৰী…
“অনাগত দিনৰ জাগ্রত প্রহৰী”……।।
সাজিলোঁ বহুতো সপোনৰ সাকো,
ৰচিলোঁ হেজাৰ আশাৰ গীত,
হেঙূলৰ বুকুত বিচাৰি আছিলোঁ
নব্য সৃষ্টিৰ অস্পষ্ট ইঙ্গিত…
কিয় জানো এনে ভাব আহিল মনলৈ
কোনে জানো মোক মাতিলে কাষলৈ ??
ভাহি উঠে সন্মুখত তেওঁৰ শুৱনি হাঁহি,
আলফুলে ক’লে,
“শাৰদীয় চেনেহীৰে ককাল ইমান লাহি………”
মেঘালয়ৰ উদাৰ মেঘে তেওঁৰে আহ্বানত
এদিন সাৱটি ধৰিছিল আমাৰ লুইতক..
বিমূর্ত্ত নিশাৰ এখনি নীলা চাদৰ,
আৰু মাঈহাঙ বাটিৰ সোৱাদ পানিৰ আদৰ…
পাওঁ তোমাৰ সুৰতে আমি……
কোনে জানো তোমাক মদাৰেৰে ৰিজালে ?
তোমাৰ মনৰ মানুহে মানুহৰ বাবে ভাবিছিল সহনুভূতিৰে…
এক ভয়াবহ যুগসন্ধিৰ বিভীষিকা নাশিলা তুমি,
সজাই তুলিলা মোৰ মন শৈশবৰ ধেমালিৰে……
শ্বিলংৰ গধূলী পৰত মই আৰু মোৰ ছাঁ,
ৰিমঝিম বৰষুণৰ নেপুৰৰ শব্দত
কুলি কেতেকিয়ে ইনালে বিনালে,
হম হম কৰা বুকুৰ স্পন্দনে
“হয় চাহেব হয়’ বুলি জিকিৰ শুনালে……
যাযাবৰ হৈ ঘূৰিলা পৃথিৱী,
ৰহদৈকো তুমি কৰিলা বাউলি;
লুইতৰে বহল পাৰত কৰিলা প্রণিপাত…
ক্ষণিক মৌন পৰত…আজি শেষ যাত্রাত…
বহু আস্থাহীনতাৰ বিপৰিতে গভীৰ আস্থা তোমাৰ গান,
অদ্বিতীয় ভূপেনদ্র তোমাৰ অবদান ।
দেখি তোমাৰ এইটি ৰূপ, মোৰ কবিতাৰ হেৰাই স্বৰূপ……
ক’লা নিশাটিৰ ক’লা কোচতে
ভাগৰি জিৰালে কবিতাৰ ছন্দ…
দিঠকৰ থেকেচাত সপোন উকলিল
দিৱসৰ পোহৰতো নাই আনন্দ ।।
কিন্তু থিতাতে মনত পৰিল
তোমাৰেই গানৰ কলি…
“অনাগত দিনৰ জাগ্রত প্রহৰী”
শেষ নহয় কবিতা, শেষ নহয় গীত,
লুইতৰ পাৰৰে আমি নতুন পুৰুষ ..
আমি নতুন নাৰী…
“অনাগত দিনৰ জাগ্রত প্রহৰী”……।।
Comments
Post a Comment