বিবাহ ভৱনৰ বিয়া.........
পৰহি সম্বন্ধীয়া মাহী এগৰাকীৰ জীয়েকৰ বিয়া খাবলৈ গৈছিলো। বিবাহ ভৱনত বিয়াখন বৰ নিয়াৰিকৈ পাতিছিল মাহীয়ে। গুৱাহাটিত আগে পিছে প্রকাণ্ড চোতালেৰে নিজা ঘৰ থকা স্বত্তেও মাহীয়ে জীয়েক চুমকীৰ বিয়া বিবাহ বাহৰতে পতাৰ কথা চিন্তা কৰিলে। মাহীক কথাটো সোধাত তেওঁ ক’লে,”বুজিছ, আজিকালি ঘৰত বিয়া পতা বৰ কষ্টকৰ। ৰভা দিয়াৰে পৰা ৰান্ধনি ঠিক কৰালৈকে এশ এবুৰিটা কাম। বিবাহ ভৱনত টকাকেইটা দিলেই কামবোৰ সুকলমে হৈ যায়।“ মাহীৰ যুক্তিত হয়ভৰ নিদি নোৱাৰিলো। কিন্তু বিবাহ বাহৰত পতা বিয়াৰ দুটিমান ঘটনাৰ কথা কোৱাৰ লোভ সামৰিব পৰা নাই মই।
পত্নীৰ মৃত্যুৰ পিছত জীয়েক দুজনীক বৰ মৰমেৰে তুলি তালি ডাঙৰ কৰিলে গোস্বামী মামাই। মোৰ মাৰ প্রতিবেশী গোস্বামী মামা অতি সৰল মানুহ। বৰ জীয়েকৰ বিয়া সকলোৰে দিহা-পৰামৰ্শ অনুসৰি বিবাহ ভৱনতে পাতিবলে মামাই থাটাং কৰিলে। আগ ভাগ ল’বলৈ মাইকী মানুহ নথকা ঘৰখনত বিয়া এখন পতাতো মুখৰ কথা নহয়। বৰ জীয়েকে যিহেতু কইনা হৈ ব্যস্ত থাকিব সেয়েহে তাই বিয়াৰ এসপ্তাহ আগেয়ে ভনীয়েক আৰু দেউতাকে জোৰোণ, বিয়া আৰু অভ্যৰ্থনাৰ দিনা পিন্ধিবলগীয়া সাজ-পোছাক কেইযোৰ ভাগে ভাগে প্লাষ্টিকৰ বেগত ভৰাই লেবেল লগাই থৈছিল। জোৰোণ আৰু বিয়া একেদিনাখনেই হোৱাৰ বাবে বিয়া ঘৰত উথপথপ লাগিছিল। ৰাতি ন বজাত দৰা আহি পালেহি। গোস্বামী মামা কোবাকুবিকৈ সাজ সলাবলে বিবাহ বাহৰৰ ভিতৰৰ কোঠা পালেগৈ। লেবেল চাই টোপোলা খুলি ধুতিখন মেলি মামা বৰ বিমোৰত পৰিল। ইমান দীঘল ধুতি তেওঁ কাহিনিও দেখা নাছিল। শাড়ী এখনতকৈও দীঘল ধুতিখন। ভালকৈ নীৰিক্ষণ কৰি মামাই দেখিলে যে এখন নহয় দুখন ধুতি লগ লাগি আছে। লংপেন্ট পিন্ধি অভ্যস্ত হৈ পৰা মামায়ে ধুতিৰ পোন্ধ কোনোমতেহে মাৰিব পাৰে। মানুহজন বৰ বিপাঙত পৰিল। এখন ধুতি পিন্ধায়ে মস্কিল তাতে আকৌ দুখন কেনেকৈ পিন্ধা যায়? দুভাঁজকৈ পিন্ধিবলে চালে মামাই, কিন্তু জীয়েকহঁতে বাচি-বাচি ভালৰো ভাল চাই কিনি অনা ফিৰফিৰিয়া পাটৰ কাপোৰৰ ধুতি তেনেই মেল খাই পৰিল। ইফালে বাহিৰৰ পৰা মাতিয়ে আছে মানুহবোৰে-পলম হৈছে, দৰা আদৰিব লাগে কইনাৰ দেউতাকে। এনেতে মামাৰ বন্ধু বলেন পেহা আহি কোঠা পালেহি। তেওঁ ভাবিলে যে মাক নোহোৱা জীয়েকক উলিয়াৰ দিয়াৰ দুখতে মামা ওলাই অহা নাই – হয়তো মামীলৈ আজি মনত পৰি নিৰলে মন মাৰি সোমাই আছে। পিছে বলেন পেহাই দেখিলে কথা বিষম! সমস্যাৰ সমাধা বিচাৰি পেহাই বহু চেষ্টা কৰিও ধুতিখন হাতেৰে ফালিব নোৱাৰিলে। এতিয়া বিবাহ ভৱনত পেহাই কেঁচি এখন পায় ক’ত? কি কৰা যায়? চাফাৰি চুট পিন্ধিনো ভাবি শহুৰেকে কেনেকৈ জোঁৱায়েকক আদৰে? হঠাৎ তেওঁৰ মূৰত এটা বুদ্ধি খেলালে। ৰভাতলৰ তামোল-পাণৰ বঁটাটোৰ কাষতে থকা লোহাৰ ডাঙৰ কটাৰিখন পেহাই লৈ আনিলেগৈ। সেইখন কটাৰিৰে লগ লাগি থকা ধুতি দুখন পৃথক কৰা হ’ল। এনেকৈয়ে ‘অপাৰেশ্বন ধুতি’ সাৰ্থক হ’ল, আৰু সুকলমে দৰাও আদৰিলে গোস্বামী মামাই।
জাঁজী হাঁহচৰাৰ লক্ষেশ্বৰ দাইটীৰ জীয়েক অঞ্জনাৰ বিয়া গুৱাহাটিৰ শঙ্কৰ বৰুৱাৰ পুতেকৰ অভিজীতৰ লগত। অভিজীত অ’মানত থাকে। দহ দিনৰ বাবে আহিব বিয়া পাতিবলে। কইনাৰ ঘৰ উঠি আহিছে গুৱাহাটিলৈ। বিবাহ ভৱন ঠিক কৰি দিলে লক্ষেশ্বৰ দাইটীৰ খুলশালীয়েক হৰেণে। এতিয়া সমস্যা হ’ল অঞ্জনাক নোৱাবলে পানী তোলাক লৈ। লক্ষেশ্বৰ দাইটীৰ পত্নী অৰ্থাৎ বিজয়া খুড়ীৰ গাড়ীত উঠিলেই বমি হৈ একেবাৰে বিছনা ধৰিব লগীয়া হয়। চাৰিদিন আগেয়ে কোনোমতে হে হাঁহচৰাৰ পৰা গাড়ীত উঠি গুৱাহাটি পাইছেহি। গা ভাল হওঁতে দুদিন লাগিল। দাইটীও নাছোড়বান্দা যে কইনাৰ মাক ব্রহ্মপুত্রৰ পৰা পানী তুলিবলে যাবই লাগিব। মহা বিপদ হ’ল। কিন্তু উপায় উলিয়ালে হৰেণে। অঞ্জনাৰ ককায়েক বুবুলক লগত লৈ নিজৰ ফিয়েট গাড়ীখনত উঠি কোঁকোৱাই ওলাই গ’ল তেওঁ। লগত এটা মস্ত হালধীয়া ৰঙৰ বাল্টিং। আধা ঘন্টা মুৰত এবাল্টিং পানী লৈ বিবাহ ভৱন পালেহি হৰেণ আৰু বুবুল। লক্ষেশ্বৰ দাইটীক উদ্দেশ্য কৰি হৰেণে ক’লে, “ ভিনদেউ, উজানবজাৰৰ নৈ ঘাটৰ পৰা এইয়া ব্রহ্মপুত্রৰ পানী লৈ আনিছোঁ বাল্টিংত। বুবুল সাক্ষী যে মই আন ক’ৰো পৰা এই পানী অনা নাই। আৰু প্রবাসত অলপ এৰা-ধৰা কৰিবই লাগিব। বাইদেউ গাড়ীত উঠি পানী তুলিবলে যাব নোৱাৰিলে কি হ’ল? এইয়া স্বয়ং ব্রহ্মপুত্রই আহি বিবাহ বাহৰ পালেহি।“ হালধীয়া পলাষ্টিকৰ বাল্টিংৰ পৰা বিজয়া খুড়ীয়ে পানী তুলি অঞ্জনাক নোৱালে আৰু লক্ষেশ্বৰ দাইটীও সন্তুষ্ট হ’ল।
চুমকীৰ বিয়াত পেট পুৰাই এসাঁজ খাই ঘৰলৈ ওভতাৰ পৰত এই ঘটনা দুটা মনত পৰি মোৰ অকলে অকলে খুব হাঁহি উঠিছিল।

Comments
Post a Comment