ৰাতিৰ বুকুত হেৰাই যোৱা নদীখন
ৰাতিৰ বুকুত হেৰাই যোৱা নদীখনৰ নামটো পাহৰিলো মই,
এটি প্রচণ্ড প্রশ্নৰ উত্তৰ বিচাৰি কিন্তু সেই নদীখনৰ পাৰতে ৰৈছিলো মই এদিন;
মোৰ খেলি-মেলি সপোনবোৰ জিলিকি উঠিছিল নৈখনৰ বুকুত
জোনাকত তিৰবিৰাই থকা ঢৌবোৰৰ উদ্দমে মোক চুই গৈছিল
তুমি আছিলা নেকি বাৰু কাষতে বহি?
তুমি আথে-বেথে সজা বালিঘৰটো দেখিছিলো মই, জানা নে তুমি?
কিয় জানো? নদীখন নিশ্চুপ হৈ পৰিছিল সেইদিনা।
দূৰৈৰ সেই জোন-তৰাৰ দলিছাত মেঘে জিৰণি লৈছিল;
মই উভতি চাইছিলো
পিছে হেৰাই গৈছিলা তুমি, আৰু মই দেখিছিলো এটি বালিঘৰৰ ধ্বংসাৱশেষ।
নদীখনে উচুপিছিল
অনুভৱবোৰ বুকুত সাৱটি আঁতৰি আহিছিলো মই,
চকুৰ আঁৰ হৈছিল নদীখন - সীমনাবিহীন, অনন্ত - অনাদি…
মোৰ মনত পৰিছিল কবিয়ে কোৱা কথা এফাঁকি
“সূৰ্য্য হেনো নামি আহে এই নদীয়েদি…………” ।।

Comments
Post a Comment