মা..................
নমি, মানে নমিতা ভট্টচাৰ্য্য, আজি দোধোৰ মোধোৰত । ককায়েক বিমানৰ কথাবোৰ শুনি তাই একো মিমাংসা কৰিব পৰা নাই ।
এষষ্ঠি বছৰীয়া মাক অমিয়া দেবীৰ চিঞৰত নমি উচপ খাই উঠিল ।মাকৰ ভ্রম বকা বেমাৰটো দিনে দিনে কমক চাৰি বাঢ়িহে গৈ আছে ।নমিৰ বিতৃষ্ণা লাগি যায় কেতিয়াবা ।এলজাইমাৰ বেমাৰত ভূগি থকা অমিয়া দেবী বৰ্ত্তমান নিজৰ সুকীয়া পৃথিৱীত ।যিহকে পায় তাকে বকি থাকে ।মুখৰ লাগ-বান্ধ নাইকিয়া হৈ গৈছে ।এসময়ৰ শুৱনি মানুহজনী আজিকালি একদম বাউলীৰ নিচিনা ।খোৱা বোৱাতো ৰাপ কমি গ’ল ।নমিয়ে জোৰ কৰি মাকক খুৱাব পাৰে ।বাকি ককায়েক আৰু বৌৱেকৰ আজিকালি মাকলৈ সময় নাই, আৰু সময় দিবলে সিহঁতি মনো নকৰে ।বিমান নিজৰ ব্যবসায়ৰ কামত ব্যস্ত, আৰু বৌৱেক পূবালী হস্পিতালতে প্রায়ে থাকিব লগীয়া হয় ।পূবালী নগাওঁৰ নামকৰা স্ত্রী ৰোগ বিষেসজ্ঞ ।আগতে অমিয়া দেবী ভাল অৱস্তাত থাকোতে তেওঁৰ লগতে পুতেক একলব্যক থৈ থৈ পূবালীয়ে ডাক্তৰীৰ উচ্চ ডিগ্রী ল’লে ।একলব্য এতিয়া হোষ্টেলত ।পূবালী বিখ্যাত ডাক্তৰ ।বিমান নামকৰা ব্যবসায়ী ।অমিয়া দেবী এতিয়া সিহঁত হালৰ বাবে এটি বো্জাহে মাত্র ।মাকলৈ বিমানৰ মৰম নোহোৱা নহয় । কিন্তু অমিয়া দেবীৰ বেমাৰটো হোৱাৰ পৰা বিমানৰো মাজে মাজে দিগদাৰ হয় ।
মাকে আকৌ চিঞৰিছে ।নমি উধাতু খাই আহি মাকৰ অচৰ পালেহি । খঙেৰে নমিলৈ চাই অমিয়া দেবীয়ে ক’লে, “ঐ, বেলি মূৰৰ অপৰত উঠিল । একাপ চাহ দিবলে তোৰ কাণসাৰ নাই ।ৰ, এওঁক আহিবলে দে আজি । তোৰ দৰমহা কাটিব লাগিব এইবাৰ ।’
নমিয়ে বুজিলে যে মাকে তাইক এঘাৰ বছৰ আগেয়ে ঢুকুৱা ৰীণা বুলি ভাবিছে । ৰীণা মাকৰ সোঁও হাত স্বৰূপ আছিল ।চাকৰণী হ’লেও তাই অমিয়া দেবীক নিজৰ মানুহৰ দৰে সেৱা শুস্রসা কৰিছিল ।ৰীণাৰ মাৰাত্মক জ্বৰ হৈছিল , আৰু দুদিন আগলৈকে সুস্ত হৈ থকা ৰীণাজনী হঠাতে মৰি থাকিল ।অমিয়া দেবীয়ে তাইৰ চিকিৎসাত কোনো ক্রুটি কৰা নাছিল ।পিছে ৰীণা নেবাছিলে ।তাই ঢুকুৱাৰ পিছত অমিয়া দেবীৰ ওপৰতে একলব্যক চোৱা চিতা কৰাৰ ভাৰতো পৰিল ।একলব্যৰ বয়স তেতিয়া আঠ বছৰ । অমিয়া দেবীয়ে বহু কষ্ট কৰি একমাত্র নাতিয়েকক ডাঙৰ কৰিলে । কামকৰা মানুহৰ হাতত মৰমৰ নাতিয়েকক সঁপি দিয়াৰ ইচ্ছা নাছিল অমিয়া দেবীৰ ।বিমান আৰু পূবালীয়েও তেওঁৰ হাতত পুতেকক পুতেকক তুলি দি ভালেই পালে ।
নমিয়ে আথে-বেথে মাকক চাহ আৰু কাটা বিস্কুট দুটি দিলেহি । দাঁত দুপাৰি অমিয়া দেবীৰ কিন্তু এই বয়সতো বেছ মজবুত হৈ আছে ।মাকৰ মুখলৈ চাই নমিৰ চকুহাল সেমেকি উঠিল ।মনটো উৰি গ’ল ১৮ বছৰ আগৰ সেই পুহ মাহৰ ঠেঠুঁৱা লহা ঠাণ্ডা আবেলিটোলৈ ।
নমিৰ মাকক দ্বিজেন ভট্টচাৰ্য্যই বিয়া কৰোৱা নাছিলে ।ভদ্র ভাষাত ক’বলৈ গ’লে নমিৰ মাক বন্দনা দাস দ্বিজেন ভট্টৰ ৰক্ষীতা আছিল ।বন্দনা আছিল দুখীয়া ঘৰৰ ধুনীয়া জীয়ৰী ।বেবেজীয়াৰ সম্ভ্রান্ত পৰিয়ালৰ পুত্র দ্বিজেনৰ লগত বন্দনাৰ প্রেম কাহিনী দ্বিজেনৰ দেউতাকৰ গ্রাহ্য নাছিল । সেয়েহে জোৰ কৰি অমিয়া দেবীৰ লগত দ্বিজেনৰ বিয়া পাতি দিছিল ।বছৰ বাগৰিল, কিন্তু বন্দনায়ে বিয়া নেপাতিলে ।বিমানৰ জন্মৰ সময়ত অমিয়া দেবী মাকৰ ঘৰলৈ গ’ল ।দ্বিজেনে নগাঁওত চাকৰি কৰে তেতিয়া ।বহাগ বিহুত বেবেজীয়ালৈ আহি চাৰি বছৰ আগেয়ে এৰি থৈ যোৱা প্রেয়সী বন্দনাক লগ পায় দ্বিজেনৰ পুৰণি প্রেমে উক দিলে । মনে মনে এদিন সন্ধিয়া গৈ বন্দনাৰ ঘৰ পালেগৈ ।ইতিমধ্যে বন্দনাৰ মাক-দেউতাকৰ মৃত্যু হৈছিল । দ্বিজেনক কাষতে আকৌ পাই তাইৰ অৱলম্বন এটি পোৱা যেন পালে ।ফলস্বৰূপে ন’মাহৰ মুৰত নমিৰ জন্ম ।বেবেজীয়াৰ সুপ্ত জনতা সাৰ পাই উঠিল । দ্বিজেনে গোতেই সমাজৰ আগত নমিক নিজৰ জীয়েক বুলি স্বিকৃতি দিলে আৰু তাইৰ পঢ়া-শুনাৰ দায়িত্ব মূৰ পাতি ল’লে ।আৰু বন্দনা ? সমাজৰ মাজত থাকিও বহিৰাগত হ’ল তাই ।একমাত্র সান্ত্বনা আছিল নমিৰ প্রতি দেউতাকৰ অপৰিসীম মৰম ।বন্দনা মৰি মৰি পাঁচবছৰ জীয়াই থাকিলে আৰু এদিন নিমাই বৰাৰ বাৰীৰ বটগছজোপাতে চিপজৰি লৈ মৰি থাকিল ।নমিৰ বয়স তেতিয়া চাৰি বছৰ ।তাইক দ্বিজেন ভট্টই নগাঁওলৈ লৈ আহিল ।অমিয়া দেবীয়ে নিৰব দৰ্শক হৈ সকলো সহি গ’ল ।নমিক নিজৰ ঘৰত ঠাইও দিলে । কিন্তু তেওঁ নমিক কাহানিও আপোনাই ল’ব নোৱাৰিলে ।
নমিয়ে বহু চেষ্টা কৰিছিল অমিয়া দেবীক সন্তুষ্ট কৰিবলৈ ।অকণমানী হাতখনেৰে তাই তেওঁলৈ চাহ বাকিছিল । অমিয়া দেবীয়ে সেই চাহ মুখতে নিদিয়ে ।কিন্তু দেউতাক আৰু বিমানে তাইক মৰমেৰে ওপছাই পেলাইছিল ।নমিৰ ১৬ বছৰ বয়সত দ্বিজেন ভট্ট ঢুকাই ।বিমানে নমিক চুৰাটৰ ইঞ্জিনীয়াৰীং কলেজত পঢ়ালে ।আজি নমি দুলিয়াজানত তেল কোম্পানীৰ অভিযন্তা ।
তিনি বছৰমান আগেয়ে অমিয়া দেবীৰ বেমাৰটোৱে উক দিলে । প্রথমতে তেওঁ সৰু সৰু কথাবোৰ পাহৰিছিল । এতিয়াতো আৰু কথায়ে নাই; বৰ্ত্তমানৰ একো কথায়ে তেওঁৰ মমত নেথাকে এতিয়া ।পূবালীয়ে মাজে মাজে কয়, “নমিৰ লগত কৰা ব্যবহাৰৰ ফল পাইছে মায়ে ।”
নমিৰ আকৌ দুখ লাগে মাকলৈ । মানুহজনীয়ে বহু সহিলে জীৱনত । তাই অমিয়া দেবীক খুব ভাল পায়, যদিও তাই বুজে যে তেওঁ কাহানিও তাইক ভাল নেপালে ।এসপ্তাহ চুটি লৈ তাই ঘৰলৈ আহিছে; বিমানে মাতি পঠাইছিল তাইক । মাকক স্থায়ীভাবে সি বৃদ্ধাশ্রম এখনত থোৱাতো খাটাং কৰিছে । লগত এজনী নাৰ্ছ ঠিক কৰি দিব থাকিবলে ।
নমিৰ মনটো সেমেকি উঠিল । তাই মাকক এনেকৈ এৰি দিব নোৱাৰে । মানুহজনীৰ মুখখন দেখিলে আজিও নমিৰ তেওঁক প্রথম দিনা লগ পোৱা মুহূৰ্ত্তটি মনত পৰে ।তাইৰ হাতখন ধৰি আটোমটোকাৰিকৈ সজায় থোৱা ৰুমটোলৈ তাইক তেওঁ লৈ গৈছিল, আৰু লাহেকৈ কৈছিল, “মোক মা বুলি নেমাতিবি, বৰমা বুলিবি ।” নমিয়ে কিন্তু তেওঁক “মা” বুলিয়ে মাতিছিল, যদিও অমিয়া দেবীয়ে সঁহাৰি নিদিলে কেতিয়াও ।
নমিতা ভট্টচাৰ্য্যই দীঘলকৈ উশাহ ল’লে । মাকৰ হাতৰ পৰা চাহৰ কাপটো লৈ তাই টেবুলখনত থ’লে । অমিয়া দেবীৰ চকুলৈ চাই তেওঁৰ হাতখন নিজৰ হাতত থৈ তাই ক’লে, “মা, মই নমি । তোমাৰ ছোৱালী মই ।মোৰ লগত দুলিয়াজানলৈ যাবানে ? দিনটো মই নেথাকিম, কিন্তু এজনী মানুহ থাকিব তো্মাৰ লগত , আৰু ৰাতিৰ ভাতসাজ আমি সদায় একেলগে খাম । যাবানে ?”
অমিয়া দেবীৰ ধূসৰ দুচকুত কিবা এটি বুজাব নোৱাৰা স্পষ্টতা জিলিকি উঠিল ।
নমিয়ে ককায়েকলৈ ফোন কৰিবলৈ উঠি গ’ল ।
মাক-জীয়েক কাইলৈ যাব লাগিব । নমিৰ চুটি আৰু তিনিদিনহে বাকি আছেগৈ ।থান থিত লগাওঁতে দুদিন সময় লাগিব, কিন্তু তাই পাৰিব ।

Comments
Post a Comment