যানোচা তুমি আকৌ আহাঁ মোৰ কাষলৈ এই বাটেৰে...
এমুঠি স্মৃতিৰ বালি বুটলি আনি মই তোমাৰ বুকুত সাজিব খোজোঁ
অচিনাকী কোনো ভগৱানৰ এটি দেৱালয়,
এজাক বলিয়া ঘোঁৰা নামি আহে ডাৱৰৰ বুকু ফালি,
মোৰ খৰাং পথাৰত অকণমান শ্যামলীমা সিঁচাৰ আশাৰে…
মই এডল বেডুইনৰ সৈতে ঘূৰোঁ অনামিকা মৰুৰ মাজেৰে,
মৰিচিকাত হেৰাব খোজে মোৰ পৰিচয়…
কেতিয়াবা মোৰ উৰুঙা পঁজাৰ নঙলামুখত অজান পখীয়ে মেল পাতে,
উৱাদিহ নেপাওঁ মই …
বৰষাৰ প্রথম টোপালটি প্রসান্ত মহাসাগৰ হৈ বৈ যায় মোৰ ক্লান্ত মনেৰে,
অভিমান ভাঙিব নোৱাৰি মোৰ অবেগ, মোৰ মৰম, মোৰ ভালপোৱাবোৰে নৈৰ পাৰৰ শিলৰ
বুকুত বহি নিৰৱে উচুপে…
কোনো চিনাকী চহৰৰ অচিনাকী মানুহৰৰ ভীৰত অকস্মাতে
মোক আকোৱালি লোৱা নিঃসঙ্গতাত তোমাৰ স্পৰ্শ থাকে,
মই ৰৈ আছোঁ এটি আলি-কেঁকুৰিত
অজানিতে তোমাৰ হাঁহি-কান্দোনৰ সমভাগী হৈ,
মই খোজ দিওঁ কুৱঁলীয়ে চানি ধৰা এটি ধূসৰ ৰাতিপুৱা
শতযুগ ধৰি শুই থকা বহু শিলৰ মাজেৰে,
উভতি চাওঁ – যানোচা তুমি আকৌ আহাঁ মোৰ কাষলৈ এই বাটেৰে…
Comments
Post a Comment