উজাগৰী মন
আহিবানে তামসী কাষলৈ তুমি
আনিবানে প্রশান্তি মোৰ মনলৈ ৰাতি ?
নিমিষতে অন্ত হ’ব প্রহৰৰ যাত্রা,
নয়নতে জিৰোৱা আহি পলৰীয়া নিদ্রা ।
মূহুর্ত্তবোৰ বাগৰে, জুমি চায় মনলৈ…
অতীতৰ নীলাভ সপোন আহেছোঁন কাষলৈ ।
সোঁৱৰণীৰ এন্ধাৰে আহি মোক সাবটে
সেমেকা হৃদয়ে কি জানো বিচাৰে ?
ঝিলিৰ সুৰত কিয় ভাহি আহে
উচুপনি উৰুঙা মনৰ?
শুনিছো কিয় ৰজনীৰ উশাহত
এটি হুমুনিয়াহ আপোনজনৰ ??
আতৰৰ তৰায়ে হাঁহি কৰে ইতিকিং
জোনটিও দেখোন অচিনাকী বৃত্ত আজি,
নিষুপ্তি নাই…. উজাগৰীৰ ৰাজত্ব
অসহায় নিস্তব্ধতা আহে সাজি কাছি ।।
Comments
Post a Comment