তোমাৰ দৰে লোক আমাক আজিও লাগে.........
তোমাৰ দৰে লোক আমাক আজিও লাগে………
মই স্বাৰ্থপৰ…
নিজৰ স্বাৰ্থ থাকিলেহে নেদেখাজনৰ আগত শিৰ দোৱাওঁ ;
কিন্তু আজি মই মোৰ সমষ্ট নিষ্ঠা
আৰু অকৃত্ৰিম ভক্তিৰে প্রাৰ্থনা কৰিছোঁ…
তুমি মাথো আকৌ সেই চিনাকী হাঁহিৰে চৌদিশ জিলিকাই দিয়া…
লুইতৰ পাৰ জিলিকাব আৰু নোৱাৰিলেও কথা নাই..
যদি তুমি কোৱা, মই মদাৰৰ ফুল মন্দিৰে-নামঘৰেও যাচিম,
আকাশতে বহু জুই জ্বলালা তুমি,
সমাজতো ৰং সানিলা…
তুমি মাথো আমাৰ মাজতে থাকা…
মহা মহা নাট ঘৰে ঘৰে আৰু তুমি কণ্ঠ সুনিত নিগৰাব নেলাগে ;
বহু শ্রোতা জনতাৰ মুখত তুমি হাঁহি বিৰিঙালা,
এতিয়া তুমি অলপ জিৰণী লোৱা…
কিন্তু আমাক এৰি নিদিবা ;
আমি যে তেনেই নিঠৰুৱা হৈ যাম…
শ্বিলংৰ গধূলীবোৰো তোমাৰ অনুপস্থিতিত তেনেই মাদকতাবিহীন হৈ যাব…
আৰু লুইত ?
কেতিয়াবা ভাব হয় তুমি আৰু লুইত যেন একেটি আধলিৰে দুটা পিঠি ;
তোমাৰ অবিহনে ব্রহ্মপুত্রৰ বিষ্টিৰ্ণতা তেনেই ব্যৰ্থ,
নিয়ন্ত্ৰণবিহীন মহাবাহুক কোনে প্ৰত্যাহ্বান জনাব ?
তুমি বুজিছানে বাৰু মই তোমাক কিয় আমাৰ মাজলে মাতিছোঁ ?
বিমূৰ্ত্ত নিশা মৌনতাৰ সূতাৰে বোৱা নীলা চাদৰৰ
এটি মিঠা ভাজৰ নীলা নীলা আদৰবোৰৰ অনুৰাগ
তুমি নেথাকিলে আমাক কোনে বুজাব ?
ৰিম-ঝিম বৰষুণে নেপুৰ নবজাই বিষাদৰ সুৰ বিলাব,
মেঘে গিৰ গিৰ নকৰিব,
আৰু খাদ্যবিহীন কোনো খেতিয়কৰ ভাগি পৰা পঁজাটিৰ তুঁহ জুই একুৰাৰ
উমি উমি জ্বলি থকা ৰক্তিম এটি উত্তাপ হোৱাৰ প্রেৰণা আমাক কোনে দিব ?
তুমি নেযাবা…
বালিত আমাক জোকাই নাচি থিকা বালিমাহীজনীও আজি নিথৰ,
কুলি-কেতেকী নিশ্চুপ…
তুমি ঘূৰি আহাঁ
আকৌ সেই চিনাকী হাঁহিৰে,
বহু অনামিকা গোস্বামী আৰু প্রশান্ত দাসক তুমি আকৌ সাহসী কৰি তোলা,
হেজাৰ চকুত তুমি আকৌ দিপ্ত সূৰ্য্য শিখা বিছাৰা…
তুমি সুস্ত হৈ যোৱা……

Comments
Post a Comment