উদঙ মনৰ টাপলি ................
উদঙ মনৰ টাপলি মৰা অনুভূতিৰ নুমাই অহা শিখা,
যেন চকা মকাকৈ আবেলি দেখা ইন্দ্ৰধনুৰ প্রতিফলন………
ডাৱৰৰ চকুলোৰে দুই নয়ন সেমেকি কান্দোনত ভাঙি পৰা ৰোদসী
আৰু নিমখীয়া নীৰৰ ঢৌবোৰত বৈ যোৱা খেলিমেলি লগা আসক্তি…।
মনত পৰেনে তোমাৰ?
প্ৰণয়ৰ সেই ৰূপুৱালী আভা?
আউল লগা মিঠা মিঠা ভাবনাৰ মকৰাজালে
আঁকোৱালি ধৰা আমাৰ সমাজিক বোৰ?
তাতে আকৌ ৰমন্যাসিক বতাহে আনিছিল আবেগৰ বা-মৰলি………
জানিছো এতিয়া মই যে মিছলীয়া সেই ক্ষিতিৰেখা,
নাই তাত মিলন বেলি আৰু ধৰাৰ, নাই তাত বিয়াৰ উৰুলি…..।।
হেঙূলে নেসানে কোনো ৰং ডিখৌৰ বুকুত,
মাথো এক্ষন্তেক ৰৈ চাই লয় নিজৰ বৰণ,
দম্ভীক হেঙূল, অহংকাৰী দিগন্ত…
হাঁহি এখন্তেকীয়া, দুখ আনন্ত…।।
মোৰ উদং মনৰ টাপলি মৰা অনুভূতি…আজি সঙ্গহীন…
তীব্র হতাশাৰ ধুমুহাত ধ্বংসমূখী,
উকা উকা প্রাণৰ মোৰ শেতা পৰা স্বপ্ন…উদাসীন, দিশাহীন ।।।।
Comments
Post a Comment