তাহানিৰ বিহু.....
পকা ধানৰ গো্ন্ধটো নাকতে লাগিছে…
বহু নদী বৈ গ’ল
বহু বেলি মাৰ গ’ল
কিন্তু আজিও চিনাকী চিনাকী লাগিছে
সেই পুৰণি গোন্ধ…
ভোগালী বিহুৰ আগমুহূৰ্ত্তত ঘৰৰ কাষৰ পোণা বৰদেউতাৰ
বাৰিৰ জেউৰা খৰিবোৰ উঘালি আনিছিলোঁ,
উৰুকাৰ ৰাতি ভোজত কুকিহঁতৰ চোতালৰ পৰা
উঠাই অনা হাঁহ দুটাৰ আঞ্জাখন …
আজিও জিভাত লাগি আছে জুতি ;
পুখুৰীৰ বৰ ৰৌ মাছজনীৰ কথা নকলোৱে যেনিবা…
দোকমোকালিতে ঢেকীৰ “ঢুক ঢুক” শব্দত
মোৰ কেঁচা টোপনি ভাঙিছিল,
শুই উঠিয়ে এবাটি ৰঙা চাহ, এটা তিল পিঠা ,
যাচিছিল আথে-বেথে আইতাই…
বহাগ মাহৰ গৰু বিহুৰ দিনটো..
গোহালিৰ ৰঙা, ক’লা আৰু বগা গৰুকেইতাক
ভদীয়াই খেদি-খেদি পথাৰ লৈ যোৱা মনত পৰে,
পথাৰৰ বুকুত বোকাৰে লুতুৰি-পুতুৰি হৈ
লাও-বেঙেনাৰ টুকুৰাবোৰ গৰুকেইতাৰ গালৈ দলিয়াই দলিয়াই
আমি চিঞৰিছিলোঁ,
“লাও খা, বেঙেনা খা,
বছৰে বছৰে বাঢ়ি যা,
মাৰ সৰু, বাপেৰ সৰু,
তই হ’বি বৰ বৰ গৰু…।”।।
কাতি বিহুৰ মাটিৰ চাকিগজে
জিলিকাই তোলা সেই ক’লা ৰাতি,
তাৰে পোহৰত উজলি উঠা মাৰ চেনেহী মুখখনি
আৰু মন ভৰাই তোলা দেউতাৰ মিঠা হাঁহিটি…।।
পকা ধানৰ গোন্ধটোৱে মোক
আজি লৈ যায়
আকৌ সেই দিনবোৰলৈ…
মৰনা মাৰি উঠি ভাগৰে জুগৰে একাঁহী ভাত,
দুটামান জলকিয়া আৰু দাইল এবাতি লৈ
ভাত খাবলৈ বহা খগেন কাইৰ
কাষত বহি ভূতৰ সাধু শুনা
সেই আমেজভৰা এলেহুৱা দুপৰীয়াবোৰলৈ…
মেজীৰ উজ্জবল জুইকুৰাৰ আগত
মূৰ দোঁৱাই আশীৰ্বাদ লৈছিলোঁ…
হাতত জেতুকাৰ বোল সানি সপোন ৰচিছিলোঁ…
এগজ চাকিৰে জীৱনৰ এন্ধাৰ আঁতৰাইছিলোঁ…
বৰ সৰল আছিল জীৱন
বৰ আপোন আছিল মানুহ
মিঠা আলু পুৰি খাই খাই
বহু সময় পাৰ হৈছিল
ভবিষ্যতৰ পৰিকল্পনাত……
হুঁচৰিৰ তালত জীৱনে নাচিছিল…
আজি সেই পৰিকল্পনাবোৰ
দিঠক হোৱাৰ পিছত
সেই অতীতৰ বিননি শুনো
মই প্রতিদিনে,
ঘড়ীৰ কাঁটাকেইডাল পৰা হ’লে
ওভোতাকৈ ঘূৰালোঁহেঁতেন…
আকৌ সেই পকা ধানৰ খেতিত
ওমলিলোঁহেঁতেন,
আকৌ মেজী জ্বলালোহেঁতেন্,
আকৌ জেতুকাৰ ৰঙেৰে হাত বো্লালোঁহেঁতেন,
আকৌ এগজ চাকি জ্বলালোহেঁতেন…।
বহু নদী বৈ গ’ল
বহু বেলি মাৰ গ’ল
কিন্তু আজিও চিনাকী চিনাকী লাগিছে
সেই পুৰণি গোন্ধ…
ভোগালী বিহুৰ আগমুহূৰ্ত্তত ঘৰৰ কাষৰ পোণা বৰদেউতাৰ
বাৰিৰ জেউৰা খৰিবোৰ উঘালি আনিছিলোঁ,
উৰুকাৰ ৰাতি ভোজত কুকিহঁতৰ চোতালৰ পৰা
উঠাই অনা হাঁহ দুটাৰ আঞ্জাখন …
আজিও জিভাত লাগি আছে জুতি ;
পুখুৰীৰ বৰ ৰৌ মাছজনীৰ কথা নকলোৱে যেনিবা…
দোকমোকালিতে ঢেকীৰ “ঢুক ঢুক” শব্দত
মোৰ কেঁচা টোপনি ভাঙিছিল,
শুই উঠিয়ে এবাটি ৰঙা চাহ, এটা তিল পিঠা ,
যাচিছিল আথে-বেথে আইতাই…
বহাগ মাহৰ গৰু বিহুৰ দিনটো..
গোহালিৰ ৰঙা, ক’লা আৰু বগা গৰুকেইতাক
ভদীয়াই খেদি-খেদি পথাৰ লৈ যোৱা মনত পৰে,
পথাৰৰ বুকুত বোকাৰে লুতুৰি-পুতুৰি হৈ
লাও-বেঙেনাৰ টুকুৰাবোৰ গৰুকেইতাৰ গালৈ দলিয়াই দলিয়াই
আমি চিঞৰিছিলোঁ,
“লাও খা, বেঙেনা খা,
বছৰে বছৰে বাঢ়ি যা,
মাৰ সৰু, বাপেৰ সৰু,
তই হ’বি বৰ বৰ গৰু…।”।।
কাতি বিহুৰ মাটিৰ চাকিগজে
জিলিকাই তোলা সেই ক’লা ৰাতি,
তাৰে পোহৰত উজলি উঠা মাৰ চেনেহী মুখখনি
আৰু মন ভৰাই তোলা দেউতাৰ মিঠা হাঁহিটি…।।
পকা ধানৰ গোন্ধটোৱে মোক
আজি লৈ যায়
আকৌ সেই দিনবোৰলৈ…
মৰনা মাৰি উঠি ভাগৰে জুগৰে একাঁহী ভাত,
দুটামান জলকিয়া আৰু দাইল এবাতি লৈ
ভাত খাবলৈ বহা খগেন কাইৰ
কাষত বহি ভূতৰ সাধু শুনা
সেই আমেজভৰা এলেহুৱা দুপৰীয়াবোৰলৈ…
মেজীৰ উজ্জবল জুইকুৰাৰ আগত
মূৰ দোঁৱাই আশীৰ্বাদ লৈছিলোঁ…
হাতত জেতুকাৰ বোল সানি সপোন ৰচিছিলোঁ…
এগজ চাকিৰে জীৱনৰ এন্ধাৰ আঁতৰাইছিলোঁ…
বৰ সৰল আছিল জীৱন
বৰ আপোন আছিল মানুহ
মিঠা আলু পুৰি খাই খাই
বহু সময় পাৰ হৈছিল
ভবিষ্যতৰ পৰিকল্পনাত……
হুঁচৰিৰ তালত জীৱনে নাচিছিল…
আজি সেই পৰিকল্পনাবোৰ
দিঠক হোৱাৰ পিছত
সেই অতীতৰ বিননি শুনো
মই প্রতিদিনে,
ঘড়ীৰ কাঁটাকেইডাল পৰা হ’লে
ওভোতাকৈ ঘূৰালোঁহেঁতেন…
আকৌ সেই পকা ধানৰ খেতিত
ওমলিলোঁহেঁতেন,
আকৌ মেজী জ্বলালোহেঁতেন্,
আকৌ জেতুকাৰ ৰঙেৰে হাত বো্লালোঁহেঁতেন,
আকৌ এগজ চাকি জ্বলালোহেঁতেন…।
Comments
Post a Comment