কিয় কওঁ সদায় মই তোমাক ভাল পাওঁ বুলি ?
কিয় কওঁ সদায় মই তোমাক ভাল পাওঁ বুলি ?
হয়তো মই ভাবো যে অভিব্যক্তিয়ে বৰ্দ্ধক কৰে মোৰ অনুভববোৰক…..
তুমি বুজি পাওঁ বুলি দাবি কৰা,
কিন্তু বুজি জানো পোৱা মোৰ আকলুৱা মনৰ অণুৰাগৰ ভাষা ?
চকুৰ আঁতৰত যদিও মোৰ মনৰ মণিকোঠত
তোমাৰ উপস্থিতি প্রতি মুহূৰ্ত্তত,
পৰা হ’লে তোমাক মোৰ কপাহী চাদৰখনৰ আঁচলতে
গাঁথি মাৰি বান্ধি থ’লোহেঁতেন…
নতুবা মোৰ চেলা-গাঁথিতে সামৰি-সুতৰি তোমাক লুকুৱাই থ’লোহেঁতেন ;
নীলিমাৰ বুকুত অলেখ তৰাৰ ধেমালিবোৰ দেখি জোনটিৰ
মনোৱস্থা কি হয় মই নেজানো,
কিন্তু তোমাৰ জীৱন আকাশত মই হৈ ৰ’ব খোজোঁ একেটি জোন…
তৰালীক প্রশ্রয় দিয়াৰ উদাৰতা মোৰ নাই,
মোক তুমি স্বাৰ্থপৰ বোলা বা সংকীৰ্ণ বা অহংকাৰী ;
মায়ঙৰ বতাহত হেনো বশিকৰণৰ মন্ত্রবোৰ উৰি ফুৰে,
তাৰে এমুঠি বতাহ বাৰু মই লৈ আনো নেকি ?
কৃপণ সদাগৰে আটোমটোকাৰিকৈ সাচি থোৱা গুপ্ত ঐশ্বৰ্য্যতকৈও
তুমি আপুৰুগীয়া,
তুমি যেন জীৱনে মেলানি মগা পৰত হঠাতে আভিৰ্ভাব
হোৱা সঞ্জীৱনী…
তোমাক হেৰুৱাৰ ভয়ে মোক কৰে অসঙ্গত আৰু অস্থিৰ,
কিয় বাৰু মোৰ এনে লাগে যেন সময়ৰ চক্রবেহুত সোমাই
তুমি আঁতৰ হৈ যাবা ?
আৰু কালৰ নিষ্ঠুৰ অভিসন্ধিৰ আগত মই পৰাজিত হৈ
নিঃসঙ্গ হৈ ৰ’ম ?
হয়তো অহৈতুক মোৰ সংশয়,
আশঙ্কা আৰু যুক্তিৰ দুৰ্বাদল ৰণ মোৰ আবেগৰ -
সেয়েহে হয়তো মই বাৰম্বাৰ কওঁ
যে মই তোমাক ভাল পাওঁ……
আৰু যদিও মই জানো যে তুমি উন্মুক্ত মৰুৎ,
সেই বতাহেই সান্নিবিষ্ট কৰিছে মোৰ মৰমৰ সুবাসক…..

Comments
Post a Comment