যোৱা বাটেৰেই সি আহিব উভতি...

যোৱা বাটেৰে সি আহিবনে উভতি ?
নৈৰ কোবাল বুকুত এখন অকলশৰীয়া ভূৰ,
আৰু সেই ভূৰৰ সি নিসঙ্গ যাত্রি
সি নাচায় ঘূৰি ঘাটত ৰৈ থকা চেনেহীৰ চকুযুৰিলৈ,.
যানোচা অশ্রু দুধাৰিয়ে তাক কৰে আমনি !
দেখিছেনে বসন্তত সি শৰতৰ গধূলি,
নতুবা তাইৰ উদং মনৰ উকা পদুলী ?
শুনেনে সি বাৰু তাইৰ বেজাৰৰ বিননি ?
আকাশেও উচুপে শুনি কান্দোনৰ প্রতিধ্বনি
অপেক্ষা মাথো এটি ক্ষণ নহয়,
আশাবোৰ সপোনৰ দাস নহয়,
মৰমবোৰ সহজে জানো পাহৰিব পাৰি ?

ভূৰখনে লৈ যায় তাক বহু নতুন ঘাটলৈ,
নতুনে পুৰণিক ঠেলি দিয়ে পাহৰণিৰ চাকনৈয়াত
দিঠক আৰু স্মৃতিৰ তয়াময়া ৰণত
জয়-পৰাজয় জানো হয় পৰিনতি ?
কেতিয়াবা পৰাজয়তো জয়ধ্বজা উৰে,
আনন্দতো দুচকুৰ চকুলো সৰে,
নৈৰ পানীৰ ৰং হয় সলনি,
প্রতি ঋতূতে আহে নতুন সোঁত,
লেও তাই ৰৈ থাকে ঘাটতে
চকুৱে নমনা ভূৰখন বিছাৰি
যোৱা বাটেৰে সি আহিবনে উভতি ?
বিশ্বাসে সংশয়ক পৰাস্থ কৰে,
দৃঢ়তাই তাইক আবৰি ধৰে,
নৈৰ সোঁতক তাই কয় ৰিঙিয়াই -
যদিও নাই আজি সেই ভূৰৰ ঠিকনা
যোৱা বাটেৰেই সি আহিব উভতি….

Comments

Popular Posts