মুক্তি.........
এইবাৰ বাৰবছৰৰ পিছত অমিতাভ ঘৰলৈ আহিছে দূর্গা পূজা বুলি ।আহিম আহিম বুলি ভাবি থাকোতেই সময়বোৰ বাগৰি গ’ল ।অমিতাভ বাৰ বছৰৰ আগেয়ে যি লণ্ডনলৈ গ’ল, আজি ইমান বছৰ পিছত আহিছে ।মাক প্রমিলা চৌধুৰীৰ আনন্দৰ সীমা নাই ।বাপেক নোহোৱা একমাত্র পুতেকক প্রমিলায়ে বহু কষ্টৰে ওকালতি পঢ়ুৱালে ।অমিতাভেও গুৱাহাটিৰ এজন নাম থকা উকিলৰ লগত প্রেক্টিছ্ আৰম্ভ কৰিছিল ।কিন্তু কালক্রমত পৰি অমিতাভৰ সকলো পৰিকল্পনা সলনি হৈ গ’ল ।মাকৰ আঁচল ধৰি ঘূৰি ফুৰা ল’ৰাটো আঁতৰি গৈছিল হঠাতে ।মাকে বাধা দিয়া নাছিল; হয়তো তেওঁ বুজি পাইছিল পুতেকক ।বছৰেকত এবাৰ পুতেকৰ কাষলৈ গ’লেও তেওঁৰ মনটো এইবাৰ হে প্রমিলাৰ ফৰকাল হৈছে ।মাকে অমিতাভক লগ ধৰি আছে নামঘৰলৈ গৈ এবাৰ সেৱা এটা কৰি আহিবলৈ, কিন্তু সি নিজকে প্রস্তুত কৰিব পৰা নাই , আৰু কিমান সময় লাগিব মনোবল গোটাবলে, অমিতাভে নেজানে ।
সপ্তমী পূজাৰ দিনা অমিতাভ চুবুৰীৰ পূজা মণ্ডপত বহি কথাত মছগুল । লগত যদু খুড়া আৰু নৰেন মাষ্টৰ ।যদু খুড়া আকৌ গোতেই কাকজানৰেই খুড়া ।বিয়া-বাৰু নকৰোৱা আৰু কেও-কিছু নোহোৱা যদু খুড়া আতাইৰে অতি মৰমৰ ।অমিতাভহঁত খুড়াৰ বোকোচাত উঠি উঠিয়ে ডাঙৰ হ’ল ।ইমান বছৰৰ পিছতো যদু খুড়াৰ একেই উৎসাহ, একেই মৰম ।নৰেন মাষ্টৰ অমিতাভৰ দেউতাকৰ নলে-গলে লগা বন্ধু ।বৰ আগ্রহ তালৈ তেওঁৰ ।ইমান দিনৰ মুৰত তাক লগ পাই ক’ব নোৱাৰা হৈ আছে ।লণ্ডনৰ বাৰৰ অন্যতম উকিল অমিতাভ চৌধুৰী আজি কাকজানৰ পুৰণি চুবুৰীত বিলীন ।সি ভাবিছে যে ইমান দিন চিনাকী মানুহবোৰৰ পৰা আঁতৰত সি কেনেকৈ থাকিলে? হাফ্ পেণ্ট পিন্ধি খালি গাৰে ঘূৰি ফুৰা ৰুবুলহঁত আজি চফল ডেকা ।মানসী, কণিকা আৰু তাৰ লগৰ আন দুজনীমান এতিয়া আঠ-দহ বছৰীয়া ল’ৰা-ছোৱালীৰ মাক ।সিও ডেকা হৈ থকা নাই ; ৩৮ বছৰীয়া অমিতাভ আজি ‘নষ্টালজীক’ হৈ পৰিছে ।
প্রমিলাৰ বান্ধবী আৰু ওচৰ চুবুৰীয়া সাবিত্রী মাহী আহি পূজা ঘৰ ওলালেহি । অমিতাভক তেওঁ সৰুৰে পৰা পোৱা । তাক হাততে ধৰি তেওঁ ক’লে, “এইবাৰ নেৰিছোঁ তোক ।এৰাল লগাই হে বিদেশলৈ ঘূৰি যাবলৈ দিম ।বহু মইমতালি কৰিলি তই ।ইমান বছৰ বাৰু মানুহ ঘৰৰ পৰা আঁতৰি থাকেনে ? বিশ্বাস কৰ, তোক আৰু জীৱনত নেদেখাকৈয়ে মৰিম বুলি ভাবিছিলোঁ ।মহাৰে তোৰ কথা কৈ কৈয়ে চকু মুদিলে ।ঢুকুৱাৰ আগদিনাও তোৰ কথা কৈছিল ।তই বাৰু আমাক এনেকৈ পাহৰিব লাগেনে ?” বলিন মহাৰ, মানে সাবিত্রী মাহীৰ গৃহস্থৰ, কথা মনত পৰিলত অমিতাভৰ মনটো সেমেকি উঠিল ।মাহীহঁতৰ একমাত্র পুতেক সীমান্ত দা ভাৰতীয় নৌ সেনাত আছিল ।এবাৰ জ্বৰত ভূগিল আৰু এসপ্তাহৰ ভিতৰতে ঢুকাই থাকিল ।সাবিত্রী মাহী মানুহজনীৰ ধৈর্য্য কিন্ত মানিব লাগিব । হাঁহি-মাতি তেওঁ সকলোৰে সৈতে মিলি-জুলি থাকে । সীমান্ত দা আৰু অমিতাভ একেলগে খেলি-ধুলি ডাঙৰ হোৱা । সাত বছৰ আগেয়ে সীমান্ত দা ঢুকুৱাৰ সময়ত অমিতাভ বিদেশত । সীমান্ত দাৰ পত্নী কৰবীয়ে দ্বিতীয় বিবাহ কৰিলে; সাবিত্রী মাহীয়ে পাতি দিছিল কৰবীৰ বিয়া ।
পূজাৰ ভোগ খাই অমিতাভ ঘৰলৈ আহিল ।অকনমান পিছতে প্রমিলাও আহিল ঘৰলৈ । বিছনাখনতে বহি টোপনিয়াই থকা পুতেকলৈ চাই মাকে ক’লে “তোৰ ইমান যদি চকু টানি নিছে, অলপ দেৰি শুই ল ।গধূলীকে আকৌ কোনোবা আলহী ওলাবহি; জিৰাবলৈ সময়ে নেপাবি ।”অমিতাভে মাকলৈ চালে ।মাকৰ বয়স হৈ আহিছে ।মানুহজনীয়ে আজিলৈকে তাক কোনো কথাতে বাধা দিয়া নাই ।লণ্ডনলৈ যাওঁতেও হাঁহি হাঁহি পুতেকক বিদায় দিছিল ।বিনা অভিযোগেৰে বাৰ বছৰ তেওঁ পাৰ কৰি দিলে ।নিজকে বৰ স্বার্থপৰ যেন লাগিল অমিতাভৰ ।মাকলৈ মৰমেৰে চাই ক’লে, “মা, মই তোক বৰ কষ্ট দিওঁ নহয় ?তই অকলে অকলে ইমান দিন থাকিলি, এবাৰো মোক নক’লি যে তোৰ দিগদাৰ হৈছে ।মই বৰ আপোনপেটিয়া ন ?” প্রমিলা চৌধুৰী অলপ সময় মনে মনে থাকিল ।তাৰ পিছত তেওঁ ক’লে’ ” মিছাকৈ নকওঁ ।তোক পঠিয়াই দিওঁতে মই বৰ দুখ পাইছিলোঁ ।বৰ কষ্ট হৈছিল নিজক বুজাবলৈ ।কিন্তু কি জান’নে ?তোৰ কথাবোৰ মই বুজি পাওঁ ।মোৰ দুখতকৈ তোৰ কষ্ট যে বহুগুনে বেছি, মই জানিছিলোঁ ।আৰু মই বিছৰা নাছিলো যে তই মনত ইমান ডাঙৰ বোজা এটা লৈ চিনাকী পৰিবেশত থাক ।যি হয় ভালৰ বাবেই হয় ।কিন্তু আজি মই তোক এটা কথা কওঁ ।তই মোক ভুল নুবুজিবি ।ইমান দিন মই তোক এনেকৈ অকলে এৰি দিলোঁ। কিন্তু এইবাৰ তই বিয়াখন পাতিবই লাগিব ।মইও বুঢ়ী হৈ আহিছোঁ ।মৰাৰ আগেয়ে তোৰ ঘৰখন পাতি নাতি-পুতিৰ মুখ দেখিলে শান্তি পাম ।”
মাকে অনর্গল কৈ যোৱা কথাবোৰ অমিতাভে শুনি গ’ল ।কিন্তু তাৰ কাণত একো নোসোমাল ।মনতো উৰি গ’ল তেৰ বছৰ আগৰ সেই মুহূর্ত্তবোৰলৈ ।শ্রুতশ্রিণী খাটনিয়াৰ…কাকজানৰ একমাত্র চৰকাৰী ঠিকাদাৰ ৰমেন খাটনিয়াৰৰ নুমলীয়া কন্যা শ্রুতশ্রিণী ।তাৰ মৰমৰ চিমি ।ধনীৰ দুলাৰী হৈও অতি অমায়িক আৰু শান্ত; চিমি আৰু অমিতাভৰ প্রেম আছিল গোটেই কাকজানৰ জনাজাত ।প্রমিলাৰ লগতো তাইৰ বৰ মিলা-প্রিতি । ৰমেন খাটনিয়াৰ অলপ বিৰুদ্ধে আছিল প্রথমে, কিন্তু অমিতাভৰ ব্যবহাৰ-পাতি, পঢ়া-শুনা আৰু ভদ্রতা দেখি তেওঁ শেহলৈ মান্তি হৈছিল ।প্রমিলা চৌধুৰীয়ে পুতেকৰ বিয়া বুলি নানান কল্পনা-কল্পনা কৰিছিল; একমাত্র পুতেকৰ বিয়াত তেওঁৰ কোনো ক্রুতি কৰিব খোজা নাছিল । ৰমেন খাটনিয়াৰও সুখী হৈছিল ইমান ভাল ল’ৰা এটা ভাবি-জোৱাই ৰূপে পায় ।সদায় আবেলি চিমি আৰু অমিতাভ লগ হয় নামঘৰৰ বৰগছজোপাৰ তলত । ঘণ্টা যুৰি ঘণ্টা ভবিষ্যতৰ পৰিকল্পনা, আৰু তাৰ পিছত প্রমিলাৰ হাতৰ একাপ চাহ খাই দুয়ো ঘৰা-ঘৰি ।দূর্গা পূজাৰ সময়ত সিহঁতৰ একেলগে ফুৰা দিনবোৰ, আৰু সেই আবেগিক ক্ষণবোৰ; অমিতাভৰ মন দাপোণত আজিও জিলিকি উঠে শ্রুতশ্রিণী খাটনিয়াৰৰ বতাহত উৰি থকা চুলিখিনি, তাইৰ তিৰবিৰাই থকা দুচকু, হাঁহিলে সোঁগালত পৰা ‘ডিম্পল” ; অমিতাভ অশান্ত হৈ উঠে ।
মাকক সি ক’লে’ “হ’ব দে মা ।দুদিনমান আছোঁ নহয় ।কথা পাতিম দে এদিন ভালকৈ বহি ।এতিয়া মোক একাপ ধুনীয়াকৈ চাহ বাকি দেছোন ।” প্রমিলায়ে পুতেকৰ আব্দাৰ শুনি পাকঘৰ পালেগৈ ।
বাহিৰত চিপ-চিপ বৰষুণ ।সদায়ে বুকুৰ মাজত লৈ ফুৰা শ্রুতশ্রিণী খাটনিয়াৰ আজি যেন জীৱন্ত হৈ উঠিছে ।এইমাত্র যেন তাই আহি তাক ক’ব, “অমিত, ব’লাছোন বাহিৰলৈ ।ইমান বৰষুণত তিতিবলে মন গৈছে ।” ৰবাব টেঙা খাই চিমিয়ে বৰ ভাল পায় ।একাঁহি ৰবাব টেঙা খাই দিয়ে তাই জলকীয়া আৰু নিমখ সানি ।মিঠা বুলিলেও তাই বলিয়া ।ইমান মিঠা খাই তাই ।গম নোপোৱাকৈয়ে অমিতাভৰ মুখত এটি হাঁহি বিৰিঙি উঠিল ।এবাৰ এটকীয়া “আইছ ক্রীম” এগাল খাই পেটৰ অসুখত ভূগিছিল তাই ।কিন্তু টেঙা আৰু মিঠাৰ লোভ সামৰিব নোৱাৰে একেবাৰে চিমিয়ে ।
কি যে আছিল তাৰ পাছৰ ঘটনাবোৰ ।আলফা, নগা, বড়ো উগ্রপন্থীৰ উৎপাত, আৰু ‘কাৰফিউ’ ।
কাকজানলেও আর্মি আইছিল ।সন্ধ্যাবোৰ নিমাওমাও হৈছিল ।গধূলী ৬টাৰ পিছত বাট পথ খালি ।
সেই সময়তে অমিতাভৰ ‘জন্ডিছ’ হৈছিল ।ডিব্রুগড়ৰ মেডিকেলতো তাৰ চিকিৎসা কৰাইছিল প্রমিলাই ।অলপ ভাল পোৱাত লৈ আনিছিল ঘৰলৈ ।কিন্তু তাৰ আকৌ শৰীৰ অসুস্থ হৈ পৰিছিল ।সেইদিনা সন্ধিয়া ৬;৩০ মানত চিমিয়ে কোনোবা ওজাৰ পৰা দৰব জৰাই আহি আছিল অমিতাভহঁতৰ ঘৰলৈ ।৮ বজালৈ্কে তাই আহি নোপোৱাত প্রমিলা গৈ ৰমেন খাটনিয়াৰৰ ঘৰ ওলাইছিল গৈ ।ৰমেন খাটনিয়াৰ চিন্তাত ক’ব নোৱাৰা হৈছিল ।চিমিৰ সুংসূত্র নাপাই অমিতাভো বেমাৰি গাৰে থানা পাইছিলগৈ ।এদিন দুদিন কৈ তিনিদিন পাৰ হৈ গ’ল ।চিমিৰ কোনো খবৰ নাই ।গোটেই কাকজানত তাইৰ চলাথ কৰা হ’ল, কিন্তু একো প্রতিফল নোলাল ।
চতূর্থ দিনৰ দিনা গোপাল গৰখীয়া উধাতু খাই অমিতাভহঁতৰ চোতাল পালেহি ।নামঘৰৰ পিছফালৰ কুঁৱাটোত এটা মৃতদেহ দেখিছিলে সি ।ৰঙা সেল দিয়া বগাবৰণী্যা মেখেলা-চাদৰযোৰ চিমিৰ যেন লাগিছিল গোপালৰ ।অমিতাভ কিবা এটা অজাণ সংশয়ত কঁপি উঠিছিল ।ৰমেন খাটনিয়াৰ আৰু লগৰ দুটামানৰ সৈতে সি কোবা কুবিকৈ নামঘৰ পাঈছিলগৈ ।বহু কষ্টৰে গেলি যোৱা মৰা শটো উঠোৱা হৈছিল কুঁৱাটোৰ পৰা।ৰমেন খাটনিয়াৰ তাতে বেহুঁছ হৈছিল; প্রমিলাৰ আর্তনাদত কাকজানৰ আকাশেও সেইদিনা কান্দিছিল ।
অমিতাভ নির্লিপ্ত ।’প’ষ্ট-মর্টেম’ত চিমিৰ বলাৎকাৰ হোৱা বুলি কৈছিল ।আৰু তাৰ এদিন পিছতেই আর্মিবোৰ আঁতৰি গৈছিল ।ৰমেন খাটনিয়াৰৰ দেহাৱসান ঘটিছিল ।অমিতাভৰ মাত কথা নোহোৱা হ’ল । প্রমিলায়ে লণ্ডনত থকা মোমায়েকৰ লগত দিহা-পৰামর্শ কৰি তাক লণ্ডনলৈ গুছি যাবলৈ খাটিলে ।অমিতাভ কোনো সিদ্ধান্ত লোৱাৰ পৰিস্থিতিত নাছিল ।সি গুছি গৈছিল মোমায়েকৰ লগত ।এবাৰ ঘুৰিও নেচালে এই বাৰ বছৰে কাকজানলৈ ।চিমিক কিন্তু সি বুকুৰ মাজতে সাবটি লৈ গ’ল লগত ।
চা্হৰ কাপটো লৈ প্রমিলা অমিতাভৰ ওচৰ পালেহি ।একো নামাতি সি মাকৰ হাতত ধৰি মাকক টানি লোৱাদি লৈ গ’ল নামঘৰলৈ ।নামঘৰৰ কুঁৱাটোৰ পাৰত মাক-পুতেক থিয় হ’লহি ।অমিতাভ আৰু মনে মনে থাকিব নোৱাৰিলে ।তাৰ কান্দোনত বতাহজাকেও কান্দি উঠিল ।তেৰ বছৰে সাচি থোৱা বেদনাবোৰ হিল-দল ভাঙি বৈ আহিল । প্রমিলায়ে তাৰ মূৰত হাত বুলাই দিলে ।আজি মাকৰো পুতেকক সান্ত্বনা দিবলে শব্দ নাই ।শ্রুতশ্রিণী খাটনিয়াৰৰ সেল দিয়া বগাবৰণীয়া মেখেলা চাদৰযোৰ গধূলীৰ চকা-মকা পোহৰত নামঘৰৰ চোতালত জিলিকি উঠিলে ।আজি অমিতাভৰ চিমিৰ মুক্তিৰ দিন ।
সপ্তমী পূজাৰ আৰতিৰ সময় হ’ল ।পূজা মণ্ডপৰ পৰা শঙ্খৰ শব্দ ভাঁহি আহিল ।

Comments
Post a Comment