মই তোমাক ভাল পাওঁ বুলি সদায়ে নক'লোৱে যেনিবা....
মই তোমাক ভাল পাওঁ বুলি সদায়ে নক’লোৱে যেনিবা,
পূৰ্ণিমাৰ ৰাতি জোনাক বিলোৱা উজ্জ্বল জোনবাইটিৰ স’তে
তোমাৰ তুলনা নকৰিলোৱে যেনিবা,
নিৰিবিলি সন্ধিয়া আকাশলে চাই চাই
তোমাৰ কথা নেভাবিলোৱে যেনিবা,
প্রতি পুৱা কেঁচা টোপনিৰ আমেজত
তোমাৰ সপোন নেদেখিলোৱে যেনিবা,
শীতৰ দুপৰীয়া কোমল ৰ’দৰ মিঠা আমেজত
তোমাৰ স্পৰ্শ নেপালোৱে যেনিবা,
তাকে ক’লে তুমি মোক বেয়া পালে মই নিৰুদ্দেগ হ’লোৱে যেনিবা…
মই প্রতিদিনে পঢ়া কাকতথনৰ
তুমি শিৰোণমা নহয়ে যেনিবা,
জনপ্রিয় কোনো নায়কৰ হাঁহিক
মই তোমাৰ হাঁহিতকৈ শুৱনি বুলিলোৱে যেনিবা,
দৈনন্দিনৰ যুঁজত গতানুগতিক কিছু বিষয়ক
কেতিয়াবা তোমাতকৈ বেছি গুৰুত্ব দিলোৱে যেনিবা,
মোৰ প্রতিটো কবিতাত হিয়া উজাৰি
মই প্রেম নিবেদন নকৰিলোৱে যেনিবা,
উপন্যাসৰ পৃষ্ঠাত আখৰৰ সলনি
তোমাৰ মুখখনি নেদেখিলোৱে যেনিবা,
বন্ধুবৰ্গৰ আগত কথা প্রসঙ্গত
তোমাক আলোচনা নকৰিলোৱে যেনিবা,
ভোকৰ ভাতগৰাহ মুখলৈ নিওঁতে
তোমাৰ কথা নেভাবিলোৱে যেনিবা,
পূৰণি গানৰ কলি গুণগুণাওঁতে
তোমাৰ মাতষাৰ নুশুনিলোৱে যেনিবা,
নদীৰ পাৰত বহি তন্ময় হৈ থাকোতে
তোমাৰ মৰমৰ জোৱাৰ অনুভব নকৰিলোৱে যেনিবা,
ৰামধেনুৰ ৰংবোৰ চাই থাকোতে তোমাৰ নীলা আবেগৰ
নীলত্বখিনি নীলিমাত হেৰুৱালোৱে যেনিবা,
শৈশৱৰ ছবিখনি ৰোমন্থন কৰোঁতে
তোমাক নেদেখিলোৱে যেনিবা,
কৈশোৰৰ উত্রাৱলতাত বিলীন হওঁতে
তোমাক মুহূৰ্ত্তৰ বাবে নেমাতিলোৱে যেনিবা,
যৌৱনৰ উদ্দ্যমেৰে কৰ্তব্য পালনত মগ্ন হৈ থাকোঁতে
তোমাক আকোৱালি লোৱাৰ আহৰি নেপালোৱে যেনিবা,
জিৰণিপৰত তোমাৰ কান্ধত
এখন্তেক মূৰ থৈ স্বস্তিৰ নিশ্বাস নল’লোৱে যেনিবা,
জীৱনৰ বেলি মাৰ যোৱাৰ পৰতহে
হয়তো তোমাৰে সৈতে কথা পাতিম…..
তোমাৰ অভিমান আৰু সমস্ত অভিযোগ বুজিও
মই তোমাক ভাল পাওঁ বুলি সদায়ে নক’লোৱে যেনিবা………….

Comments
Post a Comment