মোক কেনেকৈ মনত ৰাখিবা বাৰু তুমি?
মোক কেনেকৈ মনত ৰাখিবা বাৰু তুমি? মই কওঁ শুনা…
পুৱতি তৰা হৈ তোমাৰ মনৰ আকাশত থাকিম মই গধূলি পূৱা,
নিয়ৰৰ কণিকা হৈ তোমাৰ চোতালৰ সৈউজি ঘাঁহত সৰি ৰ’ম সদায় ৰাতিপূৱা ।
আছো মই তোমাৰ ঘৰৰ দাপোণত হ’ই এটি নামবিহীন ছাঁয়া,
আৰু আছো মই সন্ধিয়াৰ বতাহত সাবতি আন্ধাৰৰ মায়া ।।
বিছাৰি লবা মোক এন্ধাৰ ৰাতি জোনাকী পৰুৱাটিৰ মাজত,
শুনিছানে মোৰ মাতষাৰ তুমি দূৰণিৰ ভাহি অহা বাঁহিৰ সুৰত ।
সুদূৰৰ সেই নীলা পাহাৰখন ভালকৈ চোৱাঁ জুমি,
মনত আছে নে তাৰ নীলাবোৰ মোৰ চকুজুৰিতে দেখিছিলা তুমি ??
দিহিঙৰ ঢৌ বাৰিষাৰ বতৰত আছে আজি তোমাৰ চকুৰ আগতে ভাহি,
মোৰ মৰমৰ ঢৌবোৰো দেখিছানে লুকাই আছে আজি তাতেই আহি ?
আহিব এতিয়া অনতিপলমে সেই চিনাকী বৰদৈচিলা,
তাৰেই বতাহত পাবা তুমি মোৰ উন্মাদ হোৱা হিয়া ।
ভালকৈ চোৱা ভূমুকি মাৰি সেই ডাৱৰৰ ক’লা চাদৰ,
তাতেই আছে মোৰ খুলি পৰা খোপাৰ মুকলি চুলিখিনিৰ আঁৰতে থকা চেনেহ আৰু আদৰ ।।
মোৰ মনৰ মানুহ তুমি, মোক কেনেকৈ আঁতৰি যাবলৈ ক’বা ??
তোমাৰ দেহ মনত মই হে মই আজি, মাতিলে কাষতে পাবা…।।
Comments
Post a Comment