আজি মাথোঁ মই


আজি মাথোঁ মই, আৰু আবেগক খুন্দিয়াই যোৱা
অবিৰাম আহি থকা ঢৌবোৰৰ খলকনি,
নীলিমৰ বুকুত হেৰাই গ’ল বগলী জাক,
কিয় জানো মনে মোৰ বিচাৰিছে বুজনি ?

অনামিকা পাহাৰৰ শ্যামলীমা আদৰত 
বিলীন হোৱা সেই প্রতিশ্রুতিৰ চিঞৰ,
ধোঁৱা-কোঁৱা সন্ধিয়াৰ কাণিমুনি কামনাবোৰ
সৰে কুমলীয়া দুবৰিত, হৈ পুৱতিৰ সজীৱ নিয়ৰ ।

দেখিছো মই অকৃত্ৰিম অনুৰাগেৰে গঢ়ি তোলা 
কোনো অজ্ঞাত শিল্পকাৰৰ এক অপূর্ব মূর্ত্তি…
বিছাৰোঁ জেতুকাৰ বোলতে জীৱনৰ সন্ধান,
স্নিগ্ধ অনুভৱৰ অপৰূপ উপলব্ধি…

আজি বুজিলোঁ, আজি দেখিলোঁ, জীৱনৰ মাদকতা…
মাৰ যোৱা বেলিটিৰ সেন্দুৰীয়া কপালত,
আৰু কহুঁৱা কহুঁৱা মনৰ বননিত
চৰি ফুৰা সপোনৰ মাজত…নীলিমাৰ আঁচলৰ ভাজত……।

Comments

Popular Posts