কেতিয়াবা........

কেতিয়াবা অকলশৰীয়া কিছুমান মুহূর্ত্তত,
সন্ধ্যাৰ মায়াময় প্রহৰত,
সাগৰৰ নীলা নীলা গভীৰতা আৰু 
আকাশৰ সীমাহীন বিশালতাবোৰ
জোখাৰ ব্যর্থ চেষ্টা কৰোঁ..
এটি দীঘলীয়া ৰাষ্টাৰ দৈর্ঘ্যতাৰ
মাজত মই হাবাথুৰি খাই
বিছাৰোঁ তোমাৰ মৰমৰ সীমা..
সচা-মিছা প্রতিশ্রুতি মই নুবুজোঁ,
আলাসত চাং নাপাতোঁ,
বাস্তবিক জীৱনৰ মানুহ মই..
সপোন আৰু দিঠকৰ দোমোজালিত
পাৰাপাৰ নোপোৱা নহওঁ মই..
কিন্তু কেইটামান নিৰল ক্ষণত
মই বিছাৰোঁ মোৰ দিঠকত 
তোমাৰ সান্নিধ্যৰ শুকুলা সপোন
চকা-মকা কিছুমান ছাঁয়াৰ
নিৰন্তৰ অহা-যোৱা,
আৰু স্পষ্টতাৰ সন্ধানত মোৰ বিবেকৰ
আপ্রাণ প্রচেষ্টা
কেতিয়াবা অকলশৰীয়া কিছুমান মুহূর্ত্তত
ধূসৰ ধূসৰ লগা পুৱতিৰ পোহৰত
যেতিয়া জিলিকি উঠে 
অনুভবৰ উপলব্ধিবোৰ
আৰু তোমাৰ মিচিকিয়া হাঁহিটিৰ
পোহৰত
উজলি উঠে মোৰ এন্ধাৰ ধৰনী
কেতিয়াবা অকলশৰীয়া কিছুমান মুহূর্ত্তত,
তোমাৰ মৰমৰ পৰশত……

Comments

Popular Posts