মন সাগৰে জিৰণি লয় ..

ইয়াতে সাগৰে জিৰণি লয়….
অবিৰাম বৈ যায়, নিৰন্তৰ গতি পৃথিৱীৰ বুকুত ,
সামৰি গর্ভত বহু জীৱনৰ উৎস 
নীলাভত লুকুৱাই সহস্র প্রশ্ন
সাগৰে উত্তৰ বিছাৰে নীলিমাৰ ওচৰত,
আৰু দিগন্তৰ এচুকত ভাগৰে যুগৰে
এখন্তেক সাগৰ থমকি ৰয়,
তাতেই সাগৰে জিৰণি লয় 

  নদী বিলীন হয়,
সাগৰৰ বুকুতে বহু দেশ বিদেশৰ
বিভীন্ন সমুদ্ৰকান্তাৰ মিলন হয়,
কিন্তু কিমান আৰু সামৰিব নীল সাগৰে ?
কিমান নিচুকাব নৈক নীলা অৰ্ণৱে ?
সাগৰো আজি নাযায় বৈ,
হঠাৎ থমকি জিৰণি লয় 

মহানগৰীৰ আবর্জনাবোৰেৰে
মলিয়ন কৰে নিজৰ দেহা,
গর্ভৰ তৈল -খনি উজাৰি দি
সমৃদ্ধ কৰে মানৱৰ বেহা,
লেও কৃতজ্ঞ নহয় মানুহ…….
উৰ্মিমালীৰ কিন্তু আক্ষেপ নাই,
পিছে বৃদ্ধ সাগৰৰ বুঢ়া শৰীৰ
অনিচছা স্বত্তেও স্থবিৰ হয়,
থমকি সাগৰে জিৰণি লয় 

সমুদ্রৰ জলোচ্ছাস আৰু 
মনৰ জোৱাৰে
লয় বিৰতি ;
পিছে দুয়োৰে গত্যন্তৰ কাহানিও নাই……
মন ভাগৰে, সাগৰ ভাগৰে,
মাজে মাজে মন সাগৰে জিৰণি লয় 
কিন্তু আগুৱাই যায় সময়ৰ সোঁতত
বিনা অভিযোগে, সংগোপনে
কেতিয়াবা পৃথিৱীৰ উদাৰ বুকুতে
সাগৰ অকণমান থমকি ৰয়,
আৰু তোমাৰ মৰমৰ বিশাল ছাঁয়াতে
মোৰ মনেও জিৰণি লয় 

Comments

Popular Posts