আইতাৰ ঘৰৰ কথা কওঁ
আইতাৰ ঘৰৰ কথা কওঁ শুনা, ভাল পাবা তুমি শুনি,
পাৰ হৈছিল নিজান দুপৰীয়াবোৰ
বৰশিত উঠা মাছ গণি গণি ।।
জলফাই খাইছিলো নিমখ লগাই, খাইছিলো তেতেলি টেঙা,
মুঠিয়ে মুঠিয়ে মূড়ি আৰু গুড়, ডালিমৰ গুটি ৰঙা ৰঙা ।
নগা টেঙা খোৱাৰ প্রতিযোগিতাবোৰত হৈছিল মোৰেই জয়,
দেউতাৰ এচাৰি, মাৰ কাণচেপাক, কৰিছিলো কিমান ভয় ।
জেতুকা বোলাই সৰু হাতখনিত ৰাঙলী হৈছিল জীবন,
সাধু শুনি শুনি টোপনি গৈছিলো, জুৰ পৰিছিল মন ।
কাঁহৰ বাতিত সজোৱা জলপান আৰু মাঈহাঙ বাতিৰ চাহ,
তুলসীৰ ৰস মৌৰ সৈতে খাই সাম কাটিছিল কাহ ।।
ৰূপালী নিশাৰ কোচতে জিৰাই দেখিছিলো সোণালী বহুত সপোন,
আইতাৰ আদৰত ইতি পৰিছিল দুখ বেজাৰৰ কান্দোন ।
ভাই ভনিবোৰৰ কণমানি হাতৰ পৰশ আজি অনুভৱ কৰিছো কাষত,
মিঠা শৈশবৰ শুকুলা স্মৃতি যতনেৰে থৈছো সাচি হিয়াৰ কোণত ।।।।
Comments
Post a Comment