মই বিছাৰি পাওঁ...

সৌন্দৰ্য্যক মই বিছাৰি পাওঁ
নৱজাত শিশুৰ অনভিজ্ঞ দৃষ্টিত,
অপৰিচিত কবিৰ স্বতস্ফুৰ্ত্ত সৃষ্টিত,
অনুভববোৰ ধুই নিয়া আকস্মিক বৃষ্টিত,
বুৰঞ্জীত শুই থকা অতীতৰ সমৃদ্ধ কৃষ্টিত……

জীৱনৰ অগণন চবি দেখা পাওঁ
তৃপ্ত মাতৃ-পিতৃৰ প্রশান্তিৰ নিশ্বাসত,
নিলগে থকা প্রেমিকহালৰ অলেখিত বিশ্বাসত,
নৱ নৱ যৌৱনৰ বুকুভৰা উচ্ছাহত,
এখন নিশ্চিন্ত সমাজৰ স্বস্তিৰ হুমুনিয়াঁহত……..

নতুন অনুভূতিৰ পৰিচয় পাওঁ
উদ্বিগ্নতাৰে ভৰা কিছুমান জিজ্ঞাসাত,
হঠাতে বুজি পোৱা ভাবনাৰ পৰিভাষাত,
সপোনে যাচি যোৱা নৈৰাশ্যত আৰু আশাত,
জোনাক আৰু তৰালীৰ মিলনৰ উজাগৰি নিশাত

Comments

Popular Posts