আজি পুৱতি নিশাৰ জোনাকৰ নৈৰ স্নিগ্ধ ৰূপালীম.....
আজি পুৱতি নিশাৰ জোনাকৰ নৈৰ স্নিগ্ধ ৰূপালীমে মোক তিয়াই গ’ল,
মই চিলমিল টোপনিৰ মাজতো মানস-কন্যাৰ ৰূপেৰে তোমাৰ জীৱনৰ পিৰালিতে ৰৈ
সপোনৰ দুৱাৰত টুকুৰিয়াই চাইছিলোঁ……
তুমি বিলীন হৈ আছিলা গতানুগতিকৰ সান্নিধ্যত,
তুমি দেখিছিলা মোৰ অশান্ত চিত্তৰ বসন্ত ৰং,
মোৰ অশ্রু বন্যাৰ নিগৰি অহা ৰসালি মৰমে
তোমাৰ হৃদয়ৰ মাটিডৰা ওপচাই তুলিছে….
কেতিয়াবা মনে মনে,
কেতিয়াবা প্রত্যক্ষিত ভাবে,
মই তোমাৰ দুবাহুৰ মাজত
অচিনাকী অনুভূতিৰ চিনাকী ঠিকনা বিছাৰিছোঁ ;
আকৌ সময়ে মহুঁৰা ফুৰাইছে -
অনুৰাগৰ নীলা সূতায়ে মোৰ জীৱনৰ চেলেং চাদৰখনক সম্পূৰ্ণ কৰি তুলিছে,
আজিকালি মই কবিতাৰ ছন্দত বা
প্রেমিকৰ গীতত বা আবেগিক চিঠিত নতুবা নিয়তিৰ মুঠিত
নিজকে বিছাৰি হাবাথুৰি নাযাওঁ,
এক অৰ্থপূৰ্ণ ৰূপ দিবলৈ মোক নিহাৰিত শুৱাই প্রবল কোব দিবও নেলাগে……..
অমানিশাৰ ক্ষুদ্র অথচ তীব্র তৰা এমুঠিক মই দিছিলোঁ তোমাৰ এন্ধাৰ পঁজাৰ ঠিকনা ;
ৰজনীৰ বতাহজাকে মোক কৈছিলে আহি
যে জীৱনৰ শ্যামল উপত্যকাত থকা চেনেহৰ সৰু গাঁৱখনিত
তোমাৰ পঁজাটি আজিকালি দীপ্ত হৈ ৰয়,
জোনাকী পৰুৱাই পদুলি জিলিকায়………
মোক অকণমান সময় দিয়া -
বকুল ফুলৰ মালাডাল এটিয়াও অসম্পূৰ্ণ;
মালাডাল মই গাঁথি লওঁ…..
তুমিও আঁকি তোলা আধৰুৱা জীৱনধাৰাৰ নানাৰঙী ছবিখন…
অলপ ভাগৰিলেই আকাশখন চাবা -
নীলিমাতে দেখিবা মোৰ মৌন অংগীকাৰ ;
তুমি জানানে নাই মই নেজানোঁ
কিন্তু সময় আৰু পৰিপাৰ্শ্বই মোক সদায়ে কয় আহি তোমাৰ প্রতিশ্রুতিৰ কথা…….
নিৰুদ্দেগ মনৰ বহু অব্যক্ত আবেগৰ কথা….
আজি পুৱতি নিশাৰ জোনাকৰ নৈৰ স্নিগ্ধ ৰূপালীমক মই আমাৰ জীৱনলৈ আমন্ত্রণ জনালোঁ………।।

তুমি মোৰ অস্থিৰতা দেখি পৰিস্ফুটতাৰ কথা কোৱা,
মই নিশ্চুপ হৈ শুনোঁ…
কিন্তু কি জানা ?
মই ধুঁৱলী-কুঁৱলী দোকমোকালিতে
কিছুমান ছঁয়াময়া চানেকিৰ ঠিকনা বিছাৰোঁ…।
তোমাৰো হৃদয়ৰ চুক এটাতে হেনো
মৌ-মাখিয়ে সংসাৰ পাতিছে,
মই বুজি পাওঁ যে সেই মৌ-কোঁহৰ মই অবিসম্বাদী মল্লিকা ;
কিন্তু তথাপি মই মাজে মাজে
হাবিতলীয়া জোপোহাত অকলশৰে বহি
পখিলাৰ ৰঙেৰে জীৱনৰ ছবি অঁকাৰ চেষ্টা কৰোঁ…।।
Comments
Post a Comment