মোৰ চিনাকী......
একাজলি অনুভূতি আহিলেচোন উৰি,
মনে মনে বহাতজাকে মোক ক’লেহি আহি ;
চেনেহৰ তৰালী আজি মোৰ আকাশ ওপচি,
অনুৰাগৰ টোপাল আহে মেঘে মেঘে ভাঁহি……।
নিকৃষ্ট মানুহ মই, কিন্তু উৎকৃষ্ট বৰঙনি -
কিয় বাৰু মই হ’ম দূৰৰ মৃগতৃষ্ণিকা?
অবাবতে নাযায় মোৰ এই জীৱন
হৃদয়ৰ চিত্রফলক কিয় হৈ ৰ’ব উকা ?
নোহোৱা নহওঁ মই দিগন্তৰ বুকুত,
বৰদৈচিলাক মই নকৰোঁ ভয়,
ভাগ্যক ধিয়াবলে নিশিকিলোঁ মই
নিয়তি সেয়েহে মোৰ পদুলিতে ৰয় ।
প্রহেলিকা নহওঁ মই, মহওঁ অধ্যাৰোপ,
সমাজিকতো নোপোৱা মোৰ পৰিচয়,
মই দিঠকৰ বুকুহে থাকোঁ -
কল্পনাত মোক বিছাৰি নকৰিবা সময় অপচয়…।
সাৰ পাই উঠি জুকিয়াই চাবা,
কোন তোমাৰ সৃষ্টিৰ অনামিকা চানেকি ?
ধূসৰ কুঁৱলীৰ অস্পষ্ট ৰেঙনিয়ে
তোমাৰ বুকুতে আঁকি যাব মোৰ চিনাকী…।
মনে মনে বহাতজাকে মোক ক’লেহি আহি ;
চেনেহৰ তৰালী আজি মোৰ আকাশ ওপচি,
অনুৰাগৰ টোপাল আহে মেঘে মেঘে ভাঁহি……।
নিকৃষ্ট মানুহ মই, কিন্তু উৎকৃষ্ট বৰঙনি -
কিয় বাৰু মই হ’ম দূৰৰ মৃগতৃষ্ণিকা?
অবাবতে নাযায় মোৰ এই জীৱন
হৃদয়ৰ চিত্রফলক কিয় হৈ ৰ’ব উকা ?
নোহোৱা নহওঁ মই দিগন্তৰ বুকুত,
বৰদৈচিলাক মই নকৰোঁ ভয়,
ভাগ্যক ধিয়াবলে নিশিকিলোঁ মই
নিয়তি সেয়েহে মোৰ পদুলিতে ৰয় ।
প্রহেলিকা নহওঁ মই, মহওঁ অধ্যাৰোপ,
সমাজিকতো নোপোৱা মোৰ পৰিচয়,
মই দিঠকৰ বুকুহে থাকোঁ -
কল্পনাত মোক বিছাৰি নকৰিবা সময় অপচয়…।
সাৰ পাই উঠি জুকিয়াই চাবা,
কোন তোমাৰ সৃষ্টিৰ অনামিকা চানেকি ?
ধূসৰ কুঁৱলীৰ অস্পষ্ট ৰেঙনিয়ে
তোমাৰ বুকুতে আঁকি যাব মোৰ চিনাকী…।
Comments
Post a Comment