মই অভিধানখনৰ পৃষ্ঠা লুটিয়াও..

শব্দ আৰু ভাষাৰে প্রকাশ কৰিব নোৱাৰা
তোমাৰ অনুভৱৰ অভিধানখনৰ প্রথম উকা পৃষ্ঠাখনতে 
মই মোৰ স্পন্দনে বুজি পোৱা কিছুমান আখৰ দেখিছিলোঁ,

তুমি প্রকাশ কৰিব নোৱাৰা কথাবোৰৰ 
বিষয়সূচীখন সেই অভিধানতে অন্তৰ্ভুক্ত আছিল
কেতিয়াবা এটি চাৱনিৰে
কেতিয়াবা এটি স্পৰ্শৰে তুমি নোকোৱাকৈয়ে
মোক বহু কথা কৈছিলা

পৃথিৱীৰ বাবে তুমি কি মই নেজানো
জনাৰ প্রয়োজনো অনুভৱ নকৰোঁ;
জীৱনৰ মহাযুদ্ধত তোমাৰ ভূমিকাৰ বিশ্লেষণ কৰাৰ প্রয়োজনো মোৰ নাই
দৈনন্দিনৰ ৰঙ্গমঞ্চত তুমি 
এক নিৰ্মম পেশাদাৰী নে এটা নিষ্ঠুৰ বেপাৰী
নে আনক বগৰাই আগুৱাই যোৱা এক কাঠচিতীয়া মানুহ
এই কথাও মই নেজানোঁ,

মই মাথোঁ তুমি মোক উপহাৰ স্বৰূপে দিয়া 
অভিধানখনৰ হে একান্ত পঢ়ুৱৈ.
সকলো সম্বন্ধৰে উৰ্দ্ধত থকা 
এক গভীৰ বান্ধোনৰ সমভাগীহে মই,
অতীতৰ প্রতি আক্ষেপ নাই
ভবিষ্যতৰ প্ৰত্যাশায়ো মোক উলাহিত নকৰে,
মই নিবিড় মুহূৰ্তবোৰত 
তোমাৰ অভিধানখনৰ শুভ্র উকা পৃষ্ঠাবোৰত
নিজৰ ঠিকনা বিছাৰোঁ,
আৰু সময়ৰ পাশাখেলত 
মোৰ সৰ্বশ্ব পণ কৰি মই অভিধানখনৰ পৃষ্ঠা লুটিয়াও…………

Comments

Popular Posts