মানুহৰ মাজতে মই কৰোঁ মানুহৰ সন্ধান

মানুহৰ মাজতে মই কৰোঁ মানুহৰ সন্ধান,
বহু কথাৰ মাজতে বিছাৰোঁ এটা কথাৰ অৰ্থ ,
যদিও জীপাল মোৰ জীৱনৰ মাটিডৰা
ৰসালি অনুভূতিৰ অপেক্ষাত মোৰ তৃষা

বগা বগা ডাৱৰৰ ভেকোভাওনা দেখিছা ?
কেতিয়াবা পাহাৰ, কেতিয়াবা ফুল, কেতিয়াবা মানৱ
আৰু কেতিয়াবা ঘোঁৰাৰ ৰূপ লৈ কেনেকৈ উৰি ৰয় আকাশে বতাহে ?
কিন্তু কোনো স্থবিৰ আকাৰ নাই মেঘৰ,
ক্ষণভঙ্গুৰ কিছুমান আবেগৰ তাড়নাত ব্যাকুল হোৱাৰ 
হাবিয়াস নাই মোৰ,
মই কিয় এনেকুৱা ?

মই দিনৰ উজ্জ্বলতাৰ স্পষ্টতাক অলপ আঁতৰাই থওঁ,
সন্ধিয়াৰ ধূসৰতাক আকোৱালি লওঁ,
সেই সীমণাতে মোৰ মনে বাট চাই ৰয়
 আকাশৰ বুকুত পৃথিৱী সোমাই পৰে…….
কিন্তু সেই দিগন্তলৈ যোৱা বাটত মই আগুৱাবলে 
অলপ ইতস্ততঃ কৰোঁ..
কাৰণ কেতিয়াবা মোৰ ভয় হয়-
যানোচা ওভতি আহিবলে মই বাট বিছাৰি নাপাওঁ

Comments

Popular Posts