মই কবিতা লেখিব নেজানোঁ....
মই কবিতা লেখিব নেজানোঁ,
হ’লেও লেখোঁ,
নতুন বন্ধুৰ বিতৃষ্ণা সহোঁ,
পুৰণি সহযাত্রিৰ উদগনি শুনোঁ,
কেতিয়াবা ‘কবিতা’ নামৰ ভেকো ভাওনাৰ
বিশৃংখল ভাবনাবোৰ অতি নিম্নমানৰ
কিছুমান শব্দ আৰু ব্যাকৰণেৰে প্রকাশ কৰোঁ,
বানানৰ বলাৎকাৰ হয় মোৰ কবিতাত,
জ্ঞানীয়ে হাঁহে…
সতীৰ্থই সহানুভূতি জনায়,
কিন্তু মই নিৰ্বিকাৰ হৈ ৰওঁ,
মই মোৰ অপৰিপক্ক চিন্তাধাৰাৰ সাধাৰন অনুভূতিবোৰ
অপৈণত ভাষাৰে প্রকাশ কৰোঁ…
তথাপিও মই কবিতা লেখোঁ ।
মোৰ দুকাণত বাজি থাকে
দুৱৰাৰ ” নাওঁ মেলি আহিলোঁ আঁতৰি,অতীতক নেযাবা পাহৰি”,
মই বৰুৱা ভাতৃদয়ৰ প্রেমত পৰোঁ -
ৰত্নাকৰক বুজোঁ,
সাগৰৰ লহৰত বিলীন হওঁ,
আগৰৱালাৰ কম্পূৰ লগত ওমলি ফুৰোঁ,
বেজবৰুৱাৰ ধনবৰৰ লগত আলোচনাত বহোঁ
আৰু জীৱনৰ কথা পাতোঁ,
চন্দ্রকুমাৰৰ মালতীৰ হাঁহিত মই জীৱনৰ অৰ্থ বিছাৰোঁ,
দূৰ্গেস্বৰৰ ৰঙ্গীলাক মই সান্ত্বনা দিওঁ,
বৰ বৰ আঁচনিৰে মই মোৰ জীৱনৰ সৰু সৰু সপোনবোৰক
দিঠকৰ ৰূপ দিবলে প্রচেষ্টা চলাওঁ,
অকস্মাতে অচিনাকী কিছুমান মানুহৰ অনুভববোৰৰ লগত মোৰ
পৰিচয় হয়,
মই অভিভূত হওঁ
অনুপ্রেৰিত হওঁ
আলস্যৰ কোচত নিমাও মাও হৈ পৰি থকা
মোৰ আওপুৰণি কলমটোৰে মই
বেবেৰিবাং কবিতা লেখোঁ,
আনৰ কবিতাৰ প্রেমত মতলীয়া হওঁ,
মই কবিতা লেখিব নেজানোঁ -
তথাপি লেখোঁ ।
মই আকাশৰ নীলিমাৰ কবিতা লিখোঁ
মই নদীৰ চঞ্চলতাৰ বৰ্ণনা কৰোঁ
মই পাহাৰৰ চূড়াত ছন্দৰ চলাথ কৰোঁ…..।
মই আনক আমুৱাবলে কবিতা নিলিখোঁ,
পিছে আমনি পালে মোৰ দায় নাই…
নপঢ়ক কোনোৱে এই কবিতা,
আনক তোষামোদ কৰিবলে মোৰ সময়ৰ অভাব,
কিন্তু স্বাধীন দেশৰ স্বাধীন নাগৰীক মই…
মই জীৱনৰ কবিতা লেখিম
মই মানুহৰ কবিতা লেখিম
মই প্রেমৰ কবিতা লেখিম
মই সৌন্দৰ্য্যৰ কবিতা লেখিম
মই কান্দোনৰ কবিতা লেখিম
মই আমাৰ কবিতা লেখিম…
যদিও মই কবিতা লেখিব নেজানোঁ
তথাপি লেখিম।
কেতিয়াবা ‘কবিতা’ নামৰ ভেকো ভাওনাৰ
বিশৃংখল ভাবনাবোৰ অতি নিম্নমানৰ
কিছুমান শব্দ আৰু ব্যাকৰণেৰে প্রকাশ কৰোঁ,
বানানৰ বলাৎকাৰ হয় মোৰ কবিতাত,
জ্ঞানীয়ে হাঁহে…
সতীৰ্থই সহানুভূতি জনায়,
কিন্তু মই নিৰ্বিকাৰ হৈ ৰওঁ,
মই মোৰ অপৰিপক্ক চিন্তাধাৰাৰ সাধাৰন অনুভূতিবোৰ
অপৈণত ভাষাৰে প্রকাশ কৰোঁ…
তথাপিও মই কবিতা লেখোঁ ।
মোৰ দুকাণত বাজি থাকে
দুৱৰাৰ ” নাওঁ মেলি আহিলোঁ আঁতৰি,অতীতক নেযাবা পাহৰি”,
মই বৰুৱা ভাতৃদয়ৰ প্রেমত পৰোঁ -
ৰত্নাকৰক বুজোঁ,
সাগৰৰ লহৰত বিলীন হওঁ,
আগৰৱালাৰ কম্পূৰ লগত ওমলি ফুৰোঁ,
বেজবৰুৱাৰ ধনবৰৰ লগত আলোচনাত বহোঁ
আৰু জীৱনৰ কথা পাতোঁ,
চন্দ্রকুমাৰৰ মালতীৰ হাঁহিত মই জীৱনৰ অৰ্থ বিছাৰোঁ,
দূৰ্গেস্বৰৰ ৰঙ্গীলাক মই সান্ত্বনা দিওঁ,
বৰ বৰ আঁচনিৰে মই মোৰ জীৱনৰ সৰু সৰু সপোনবোৰক
দিঠকৰ ৰূপ দিবলে প্রচেষ্টা চলাওঁ,
অকস্মাতে অচিনাকী কিছুমান মানুহৰ অনুভববোৰৰ লগত মোৰ
পৰিচয় হয়,
মই অভিভূত হওঁ
অনুপ্রেৰিত হওঁ
আলস্যৰ কোচত নিমাও মাও হৈ পৰি থকা
মোৰ আওপুৰণি কলমটোৰে মই
বেবেৰিবাং কবিতা লেখোঁ,
আনৰ কবিতাৰ প্রেমত মতলীয়া হওঁ,
মই কবিতা লেখিব নেজানোঁ -
তথাপি লেখোঁ ।
মই আকাশৰ নীলিমাৰ কবিতা লিখোঁ
মই নদীৰ চঞ্চলতাৰ বৰ্ণনা কৰোঁ
মই পাহাৰৰ চূড়াত ছন্দৰ চলাথ কৰোঁ…..।
মই আনক আমুৱাবলে কবিতা নিলিখোঁ,
পিছে আমনি পালে মোৰ দায় নাই…
নপঢ়ক কোনোৱে এই কবিতা,
আনক তোষামোদ কৰিবলে মোৰ সময়ৰ অভাব,
কিন্তু স্বাধীন দেশৰ স্বাধীন নাগৰীক মই…
মই জীৱনৰ কবিতা লেখিম
মই মানুহৰ কবিতা লেখিম
মই প্রেমৰ কবিতা লেখিম
মই সৌন্দৰ্য্যৰ কবিতা লেখিম
মই কান্দোনৰ কবিতা লেখিম
মই আমাৰ কবিতা লেখিম…
যদিও মই কবিতা লেখিব নেজানোঁ
তথাপি লেখিম।
Comments
Post a Comment