তুমি হেনো আজিকালি কবিতা নিলিখা..
তুমি হেনো আজিকালি কবিতা নিলিখা………… !!
মই যেতিয়া নেথাকিম, তেতিয়া লেখিবা নেকি ?
মইচোন নেদেখিমেই তোমাৰ কলমৰ
নীলা নীলা চিয়াঁহীয়ে আঁকি দিয়া নানাৰঙী কবিতাবোৰ…
আৰু অনুভবো কৰিব নোৱাৰিম
কুঁহিলা কুঁহিলা লগা শব্দবোৰে অজানিতে আনি দিয়া শিহৰণ,
আখৰৰ অনুৰাগ ভৰা অভিব্যক্তিও মই নুশুনিম…।
জানানে ?
মই যে আজিও বহি আছোঁ শেলুৱৈ লগা সেই শিলচটাত
য’ত তুমি মোক এক বাৰিষাৰ নিশা অকলশৰে এৰি থৈ গৈছিলা ।
কৈছিলা তুমি, “মই পঠিয়াই দিম ডাৱৰৰ বুকুত বহু কবিতা লিখি;
তুমি পঢ়িবা, পঢ়ি বুজিবাঁ ;
তুমি শুনিলে মই আবৃত্তি কৰি যাম মোৰ অনুভূতিবোৰৰ কাহিনী
এতিয়াও মোৰ যাত্রা বহু বাকি…
কিন্তু তোমাৰ চেনেহবোৰ মই কঢ়িয়াই লৈ ফুৰোঁ বুকুৰ মাজত ;
প্ৰতিভা প্রকাশৰ সুযোগ বা প্রশংসাৰ দাবিদাৰ নহয় মোৰ কবিতা,
তুমি নিশ্চিন্তে বহি থাকিবা…মই লেখিম ।”
আকাশে মাটিয়ে
সাগৰে জুৰিয়ে
বিতপীয়ে দুবৰিয়ে
বৰষুণে নিয়ৰে
মেঘে মেঘে
সুৰে সুৰে
কুঁৱলীৰ আঁৰে আঁৰে
আবেগৰ ভাঁজে ভাঁজে -
মই বিছাৰি ফুৰিছোঁ তোমাৰ কবিতাক…
কিন্তু মৌন তোমাৰ কলম, বিবৰ্ণ চিয়াঁহী…।
আজি তুমি নিৰ্বিকাৰ -
হয়তো মোৰ অনুৰোধ শুনিও তুমি নিৰুদ্বেগ ;
আলস্যৰ সৈ্তে তোমাৰ যেন কিবা গোপন বুজা-বুজি….
কিন্তু মইও যে অশাশ্বত…
মইও উটি যাম সময়ৰ সোঁতত
তুমি মৌন নে এটি হাঁহি মাৰি উদাসীন হৈ ৰ’লা - মই গম নেপালোঁ ;
মোৰ এই আব্দাৰ বা এই আহ্বান বা এই অনুৰোধক
হয়তো তুমি শুনিছা,
নতুবা শুনিও নিশ্চুপ তুমি,
মই নেজানিলোঁ…….
কিন্তু আজিও শেলুৱৈ লগা শিলচপৰাই মোক কয়
“কবিতা আহিব…”

Comments
Post a Comment