দিনৰ শেষ পোহৰৰ বেলিকা
দিনৰ শেষ পোহৰৰ বেলিকা,
আছিলো বহি তুমি, মই আৰু নিঃসঙ্গতা ।
সুদূৰ পাহাৰৰ শিখৰত গপত ওফন্দি থকা
তুষাৰৰ অভিমান চাইছিলোঁ..
আৰু মনতে ভাবিছিলো……
ৰ’দালিৰ উষ্মতাত নিগৰি আহিবলৈ বাধ্য হ’ব,
বিলাই দিবহি ধৰাত নিৰঞ্জন জীৱনৰ ৰস ।
আৰু নীলা নীলা মৌনতাৰ ধোঁৱা ধোঁৱা ভাষাৰে
তুমি লেখি গৈছিলা….
সৰু সৰু অনুভূতিৰ বহু নৱ নৱ কবিতা ।
এটোপাল চকুলো, এটি নিমজ হাঁহি
আৰু দুবাহুৰ আলিঙ্গন অনুৰাগ ভৰা,
মেঘালীৰ ধেমালি মনত আছেনে বাৰু?
চাইছিলোঁ তুমি মই পৰি ৰৈ ঘাঁহনিত
অকস্মাতে দেখা এটা পপিয়া তৰা ।
ক’লা ক’লা আন্ধাৰৰ সঁছা মিছা অভিশঙ্কাত
হঠাতে উচপ খাই কুচিমুছি গৈ……
লুকাইছিল সপোনবোৰ……।।
তাকে দেখি শংকাতে উৱঁলিছিল বাস্তব…
যানোচা বুকুৰ সপোনবোৰ নিঃশেষ হয়,
সময়ৰ নিৰ্মম গহ্বৰত………।।
কিন্তু সেই সন্দেহ আছিল ক্ষন্তেকীয়া…
বিচাৰি পাইছিলো আমি দুয়ো দুয়োকে
সন্ধ্যা তৰাৰ নিৰৱতাৰ মাজত…
ফুলবছা তৰালিৰ সৌন্দর্য্যৰ পৰশত…
হিয়াৰ স্পন্দনত, অকনমান নীলা নিবিড় মূহুর্ত্তত ।।
আছিলো বহি তুমি, মই আৰু নিঃসঙ্গতা ।
সুদূৰ পাহাৰৰ শিখৰত গপত ওফন্দি থকা
তুষাৰৰ অভিমান চাইছিলোঁ..
আৰু মনতে ভাবিছিলো……
ৰ’দালিৰ উষ্মতাত নিগৰি আহিবলৈ বাধ্য হ’ব,
বিলাই দিবহি ধৰাত নিৰঞ্জন জীৱনৰ ৰস ।
আৰু নীলা নীলা মৌনতাৰ ধোঁৱা ধোঁৱা ভাষাৰে
তুমি লেখি গৈছিলা….
সৰু সৰু অনুভূতিৰ বহু নৱ নৱ কবিতা ।
এটোপাল চকুলো, এটি নিমজ হাঁহি
আৰু দুবাহুৰ আলিঙ্গন অনুৰাগ ভৰা,
মেঘালীৰ ধেমালি মনত আছেনে বাৰু?
চাইছিলোঁ তুমি মই পৰি ৰৈ ঘাঁহনিত
অকস্মাতে দেখা এটা পপিয়া তৰা ।
ক’লা ক’লা আন্ধাৰৰ সঁছা মিছা অভিশঙ্কাত
হঠাতে উচপ খাই কুচিমুছি গৈ……
লুকাইছিল সপোনবোৰ……।।
তাকে দেখি শংকাতে উৱঁলিছিল বাস্তব…
যানোচা বুকুৰ সপোনবোৰ নিঃশেষ হয়,
সময়ৰ নিৰ্মম গহ্বৰত………।।
কিন্তু সেই সন্দেহ আছিল ক্ষন্তেকীয়া…
বিচাৰি পাইছিলো আমি দুয়ো দুয়োকে
সন্ধ্যা তৰাৰ নিৰৱতাৰ মাজত…
ফুলবছা তৰালিৰ সৌন্দর্য্যৰ পৰশত…
হিয়াৰ স্পন্দনত, অকনমান নীলা নিবিড় মূহুর্ত্তত ।।
Comments
Post a Comment