মই জনা নাছিলোঁ

তুমি থাকিবানে নাথাকা,
তুমি আহিবানে নাহাঁ,
মই জনা নাছিলোঁ ;
তোমাৰ কথাবোৰ সঁচা নে মিছা,
তোমাৰ কবিতাবোৰ সার্থক নে ব্যর্থ,
মই বুজা নাছিলোঁ ;
মই শুনিছিলোঁ মাথো মোৰ মনৰ কথা
আৰু সকলো নিয়ম নীতি, সচৰাৰিতবান্ধোন নেওচি
মই আহিছিলোঁ পখিলী সপোনৰ সন্ধানত…..
তুমি মোৰ দ্বিধা, মোৰ অসংলগ্নতা,
অনুভব কৰিছিলানে নাই মই নেজানিলোঁ;
কিন্তু কৃষ্ণপক্ষৰ এনিশা জোনাকীৰ সান্নিধ্যত
আকুল হোৱা দেখিলো তোমাক,
তোমাৰ বুকু ফালি মৰম বিছৰা ধৈর্য্য নাছিল মোৰ,
আৰু সেয়ে হয়তো অচিনাকী নগৰীৰ ঘনিষ্ঠ 
আন্তৰিকতাত মই দেখিছিলোঁ
তোমাৰ নিবিড় বনত ফুলি উঠা
এপাহি খৰিকাজাঁইৰ পূর্ণযৌৱনা ৰূপ;
ৰাতিৰ অন্ধকাৰ আৰু সুপ্ত মহানগৰী
আৰু দুটি মনৰ যুগলবন্দিৰ সাক্ষী 
সেই ৰাতি
ৰাতিৰ কবিতাবোৰত কিমান সপোনে জিৰণি লৈছিল
কিমান মোৰ হৃদয়ে চেনেহ বুটলিছিল মই হিচাপ ৰখা নাছিলোঁ,
মই এখন মহানগৰীৰ পৰা আন এখন মহানগৰীলৈ
অশান্ত মনলৈ শান্তি বিছাৰি যোৱা নাছিলোঁ,
মই যোৱা নাছিলোঁ কোনোদিনে অনুভব নকৰা
কিন্তু অজানিতে বিছাৰি থকা
এটি উপলব্ধিৰ সন্ধানত;
কোনো যমুনা হুগলী কাবেৰী বা আৰব মহাসাগৰৰ
সোঁতত মই মোৰ বন্ধ কোঠালিত কাৰাৰুদ্ধ 
জোৱাৰৰ ঠিকনাও বিছৰা নাছিলোঁ;
হয়তো তুমি শুনিছিলা এটি বাকৰুদ্ধ সপোনৰ আর্ত্তনাদ,
এটি আধৰুৱা গীতৰ অসম্পূর্ণতাৰ চিৎকাৰ,
সেয়েহে হয়তো তুমি আহিছিলা
আৰু দূৰৰ-কাষৰ ব্যৱধান আঁতৰাই
মোৰ ফুলনিত তোমাৰ মনৰ খৰিকাজাঁইৰ
সুবাস ঢালি দিছিলা;
নেজানিলোঁ মই, নুবুজোঁ একো,
কিন্তু মই জানিলোঁ আত্মশান্তি কাক কয়..
তুমি বুজিলা নে নাই মই নেজানিলোঁ,
আৰু এজাক চিপ চিপ বৰষুণ
আৰু নিদ্রাৰত এখন অচিন মহানগৰী
দর্শক হৈ 
আমাৰ কবিতাৰ….
ৰাতিৰ কবিতাৰ….

Comments

Popular Posts