তোমাৰ হাঁহি....


তোমাৰ হাঁহি….
যেন বান্ধোনহীন উন্মনা নদীৰ ঢল,
যেন ৰঙাকৈ সূৰুযৰ প্রভাতী পল,
মৌসনা চেনেহৰ মিঠা মিঠা আভাস,
বগাকৈ বকুলৰ বলিয়া সুভাস….

তোমাৰ দুচকু…
সজল পৰশত সেমেকে আদৰ,
সেমেকা আদৰৰ তপত অশ্রুৱে 
জীপাল কৰে মোৰ কপাহী চাদৰ,
দিপ্ত চাৱনি মৰমেৰে ভৰা,
পৰিপূর্ণ মোৰ শ্যামল ধৰা…

তোমাৰ দুবাহু..
বিশ্বাসৰ ভেটি, চেনেহৰ আকাশ,
প্রতিটো আলিঙ্গন প্রণয়ৰ প্রকাশ,
সবল মনোবল,অটল দৃঢ়তা,
প্রতি কথাতে আছে সততা….

তোমাৰ বুকু…
মোৰ পৃথিৱীৰ পুৱতি তৰা,
সন্ধ্যাৰ ৰোদসি তৰাৰে ভৰা,
সীমনাবিহীন সাগৰ যেন পালোঁ,
নিৰঞ্জন অনুভব সামৰি থ’লোঁ….

তোমাৰ মৰম…
মোৰ মৃতদেহ ৰ’ব মাটিতে পৰি,
আঁতৰোৱা বতাহ, আঁতৰোৱা খৰি,
বেলি তুমিও আঁতৰি যোৱা,
তোমাৰ দিপ্ত লুকুৱাই থোৱা,
নালাগে ব্রহ্মা, নালাগে বিষ্ণু
নালাগে শিৱৰ তাণ্ডৱৰ সুৰ,
তোমাৰে পৰশত মোৰ শান্তি
যেন বৰষুণে মৰুক কৰিছে জুৰ…

তুমি নহ’লে….
নমৰোঁ মই, নেহেৰায় সপোন,
নাযায় মৰহি জীৱনৰ ফুল,
পিছে নমৰিও যদি মই জীয়াই নেথাকোঁ
তাতে জানো হ’ব মোৰ কিবা ভুল ?

Comments

Popular Posts