উপবাস
আজি মোৰ উপবাস,
তোমাৰ স্মৃতিবোৰৰ পৰা আঁতৰাইছোঁ নিজকে..
অনশন কৰিছে মোৰ মনে..
নালাগে তোমাৰ মৰমৰ সলিল,
নালাগে মোক চেনেহৰ আহাৰ……
মোৰ মৰহা অনুভূতিবোৰে কষ্ট দিয়েনে তোমাক?
বুজি পোৱানে নিশি পালন কৰা অনুৰাগৰ যাতনা?
সুদীর্ঘ অনাহাৰে আছে মোৰ আবেগ,
নাই কোনো আশা, নাই প্রতিশ্রুতি,
আছে মাথোঁ হাড়ে-চালে লগা
কিছুমান টুকুৰা টুকুৰ সপোন,
আৰু অৱহেলাত সৰি পৰা
শুকান ফুলৰ পাপৰি ।
লঘোনীয়া গানৰ সুৰ কিমাননো আওৰাম?
উদ্দ্যমৰ অনুপষ্টিতিত লুকালে ভাষা,
নিৰাহাৰ কবিতাৰ ক্ষুধা আজি দেখিলো
ভাবনা নিমাওমাও, দিশহাৰা লক্ষ্য ……..।
আহিবনে বৰদৈচিলা?
হয়তো পৰিত্রাণ পাম মই….
উপবাসী দেহ-মন ভাগৰি পৰিছে
নিঃশেষ হ’ব নোখোজো মই,
এটি ধূলিকণা হৈ..
ক্ষুধাতুৰ মই,
উৎযাপন কৰিম এই ব্রত…
আজি পুৱতি নিশা..
নিয়ৰৰ ৰসালিৰে….
পোহৰৰ ইৰাৰে…………।।।
Comments
Post a Comment