কিছুমান চিনাকী ছবি আঁকিছিলোঁ

কিছুমান চিনাকী ছবি আঁকিছিলোঁ,
পাহৰনিৰ হুমুনিয়াঁহত
মই এষাৰ পুৰণি মাত শুনিছিলো্ঁ ,
পুৱতি নিশা কুৱঁলীৰ আঁৰে আঁৰে
হঠাতে জীৱনে মিচিকিওৱা দেখিছিলোঁ 
উদাসীন মনটোক নিচুকাই আছিলোঁ,
অকণমান চকুলো লুকুৱাই থৈছিলোঁ ,
এনেতে আজি ডাৱৰৰ আঁচলত
এটি সৰুকৈ হাঁহিক ওমলা দেখিছিলোঁ 
এন্ধাৰক আকাশে আকোৱালি লৈছিল,
শেতা নীলিমা ভাগৰি পৰিছিল,
লেও মনৰ খিড়িকীখনেৰে
আশাৰ পোহৰবোৰ জিলিকি উঠিছিল 
পিছুৱাই যোৱাৰ বাট মোৰ নাই,
উজুতি খোৱাৰ ভয় মোৰ নাই ,
তুমিও জানা , মইও জানোঁ ,
যে আশা আৰু হাঁহিৰ কোনো শেষ নাই

Comments

Popular Posts