থাকিম মাথোঁ মই...

আকাশ জ্বলি ছাই হ’ব,
ডাৱৰৰ বুকু শুকাই যাব,
জীপাল কৰিবলে সৰু-বৰ পথাৰ
বৃষ্টি আৰু নেথাকিব…
কুলিৰো গীতৰ হ’ব ইতি,
ফুলৰ পাপৰি মৰহিব,
পাহাৰৰ বুকুত হেৰাই যাব বিপ্লব আৰু 
প্রগতিৰ জোৱাৰবোৰ…
মানুহ হেৰাব,
সাগৰৰ গভীৰতাত থাকিব
মৃত্যুৰ সুৰবোৰৰ প্রতিধ্বনি,
নদীৰ মাছবোৰ মৰি যাব,
ঝৰণাৰ লহৰ স্থবিৰ হৈ ৰ’ব,
হয়তো পৃথিৱীয়ে নকৈ 
জীৱনৰ পাতনি মেলাৰ চেষ্টা কৰিব….
কিন্তু ধ্বংসৰ অসুৰে দাঁত নিকটাই হাঁহিব ;
ফেঁচাৰ মাতত হতাশাৰ বোল,
নহ’ব বহাগত প্রেয়সী আকুল,
মহানিৰ্বাণৰ বাট লুকাব…
আৰু মই?
থাকিম মাথোঁ মই
আৰু মোৰ মহাশূণ্যৰ মহাকাব্যখনৰ
কিছুমান বিশৃংখল পৃষ্ঠা…
  

Comments

Popular Posts