কোনোবা এটা বিশেষ মূহুর্ত্তত .......
কোনোবা এটা বিশেষ মূহুর্ত্তত যেতিয়া নাছিলা তুমি,
বিষণ্ণ মনৰ উকা তুলিকাত আকিছিলো আশাশূণ্য বহু ছবি…
ৰিক্ত হই উঠা হৃদয়ৰ কান্দোনত উচুপি উঠিছিল সপোন,
ছেদেলি ভেদেলি চিনাকী পৃথিবী আৰু উদং মনৰ দাপোন ।
আঙুলিৰ মাজেৰে সৰকি গ’ল সকলো খিনি আশা,
ভাগৰুৱা আবেগে বিছাৰি ফুৰিছে চিনাকি মনৰ ভাষা ।।
কোনোবা দূৰণিৰ সেমেকা দুচকুত আজি হয়তো আছে হেজাৰ নদি,
চকুলুৰ মুকুতা দিব জানো মোক খুজি পঠাও মই যদি ??
কুঁৱলীৰ জালত হেৰাব নিকি চিনাকি প্রতিবিম্ব তোমাৰ ?
মনৰ চাকিটীৰ মৰমৰ শলিতাই পোহৰাব নে নিশাটি আমাৰ??
নীলা আবেগৰ অস্পষ্ট প্রতিদ্ধ্বনী দিছো মই আকাশত মেলি,
খুন্দিয়াই আহিব তোমাৰ পৃথিবী সকলো বাধা ঠেলি ।।।
সাচি থৈছো মই এবুকু মৰম আৰু এমুঠি নেদেখা ভালপোৱা,
খেলি মেলি বুকুত আজি নিৰবে কৰিছে বহু আবেগে অহা জোৱা…
আলফুলে সাবটি গুপুতে মনত সামৰি এটি স্মৃতি তোমাৰ,
চিৰস্মণীয় হৈ ৰ’ব মোৰ এই ভালপোৱা, আৰু এই কবিতা আমাৰ ।।।
Comments
Post a Comment