মোৰ আজিও মনত পৰে...
মোৰ আজিও মনত পৰে…
নৰকাসুৰৰ শ্যামল গধূলীবোৰৰ ধূসৰতাত,
স্নায়ু, সিৰ আৰু ধমনীৰ উৎস আৰু অন্তৰ্ভুক্তিত,
হাড় আৰু মাংসপেশীৰ ক্ৰমবিকাশত,
পাইছিলোঁ মই কিছুমান অনুভবৰ ঠিকনা…
নাম দিব পৰা নাছিলোঁ কিন্তু মই…।
তীক্ষ্ণ বুদ্ধিৰ সহপাঠীয়ে ক’লে
সেইয়া হেনো ‘নাৰ্ভাছ ব্রেকডাউন’ ;
জীৱনৰ বিকশতা আৰু মৃত্যুৰ আগমনক
ছন্দৰে সজোৱা কবিয়ে ক’লে
এইয়া হেনো প্রেম,
ব্যাধি যন্ত্রণাকো সুৰেৰে আবৰা
ডেকা গায়কে মোক ভাবুক বুলিলে…
তেজৰ ৰঙেৰে বিপ্লবৰ চবি আঁকিব খোজা
কহিমাৰ ল’ৰাটোৰ গীতাৰৰ সুৰে
সাবটি ধৰিছিল নৰকাসুৰৰ সন্ধিয়াবোৰক ;
মনত পৰে মোৰ এজাক বৰষুণে ধুই নিয়া
একা বেকা আলি-বাটটোত
খোজ দিওঁতে চিটিকি অহা ৰঙা মাটিৰ বোকায়ে
দি থৈ যোৱা গভীৰ সাঁচবোৰ…
পাহাৰ শিখৰত বহি দূৰ দিগন্তৰ মাজত
বিছাৰিছিলোঁ বহু অনামিকা চিন্তাৰ সমিধান…
আৰু আমবাৰীৰ সেই ছোৱালীজনী ?
তাই গাইছিল জীৱনৰ গীত ;
ক’ত জানো হেৰাই গ’ল তাইৰ জীৱন্ত মাতষাৰ ?
কঁকালত বহাগৰ উন্মনা আবেগবোৰ লৈ,
গগণাটি কলডিলীয়া খোপাতে গুঁজি,
বিহুৱতী হৈছিল নামনিৰ যুৱতী -
আজি তাইৰ নামটোওচোন মোৰ মনত নাই…
যদিও মনত পৰে মোৰ - তাইৰ নাচোনৰ তালত
তাল মিলাই নাচি উঠিছিল সোণাৰু কেইজোপাই…
কৃষ্ণচূড়াবোৰ সাক্ষী আছিল
দায়িত্ববদ্ধতা আৰু পাহৰণিৰ গৰ্ভত
হেৰাই যোৱা কুমলীয়া প্রতিশ্রুতিবোৰৰ…
আজিও স্মৃতিৰ বিশৃঙ্খল কোঠালিত
সাৱধানে ফঁহিয়াই চালে মই বিছাৰি পাওঁ
পুৰণি দিনৰ কিছুমান সপোনৰ টুকুৰা,
কেইটামান আধৰুৱা গীতৰ কলিৰ প্রতিধ্বনি,
আৰু সন্ধিয়া ভাহি অহা গীতাৰৰ সুৰবোৰ…
ব্যস্ততাৰ মাজতো আহৰি লৈ
মিচিকি হাঁহি এটি মাৰে জীৱনে,
যেতিয়া মোৰ মনত পৰে…।
নৰকাসুৰৰ শ্যামল গধূলীবোৰৰ ধূসৰতাত,
স্নায়ু, সিৰ আৰু ধমনীৰ উৎস আৰু অন্তৰ্ভুক্তিত,
হাড় আৰু মাংসপেশীৰ ক্ৰমবিকাশত,
পাইছিলোঁ মই কিছুমান অনুভবৰ ঠিকনা…
নাম দিব পৰা নাছিলোঁ কিন্তু মই…।
তীক্ষ্ণ বুদ্ধিৰ সহপাঠীয়ে ক’লে
সেইয়া হেনো ‘নাৰ্ভাছ ব্রেকডাউন’ ;
জীৱনৰ বিকশতা আৰু মৃত্যুৰ আগমনক
ছন্দৰে সজোৱা কবিয়ে ক’লে
এইয়া হেনো প্রেম,
ব্যাধি যন্ত্রণাকো সুৰেৰে আবৰা
ডেকা গায়কে মোক ভাবুক বুলিলে…
তেজৰ ৰঙেৰে বিপ্লবৰ চবি আঁকিব খোজা
কহিমাৰ ল’ৰাটোৰ গীতাৰৰ সুৰে
সাবটি ধৰিছিল নৰকাসুৰৰ সন্ধিয়াবোৰক ;
মনত পৰে মোৰ এজাক বৰষুণে ধুই নিয়া
একা বেকা আলি-বাটটোত
খোজ দিওঁতে চিটিকি অহা ৰঙা মাটিৰ বোকায়ে
দি থৈ যোৱা গভীৰ সাঁচবোৰ…
পাহাৰ শিখৰত বহি দূৰ দিগন্তৰ মাজত
বিছাৰিছিলোঁ বহু অনামিকা চিন্তাৰ সমিধান…
আৰু আমবাৰীৰ সেই ছোৱালীজনী ?
তাই গাইছিল জীৱনৰ গীত ;
ক’ত জানো হেৰাই গ’ল তাইৰ জীৱন্ত মাতষাৰ ?
কঁকালত বহাগৰ উন্মনা আবেগবোৰ লৈ,
গগণাটি কলডিলীয়া খোপাতে গুঁজি,
বিহুৱতী হৈছিল নামনিৰ যুৱতী -
আজি তাইৰ নামটোওচোন মোৰ মনত নাই…
যদিও মনত পৰে মোৰ - তাইৰ নাচোনৰ তালত
তাল মিলাই নাচি উঠিছিল সোণাৰু কেইজোপাই…
কৃষ্ণচূড়াবোৰ সাক্ষী আছিল
দায়িত্ববদ্ধতা আৰু পাহৰণিৰ গৰ্ভত
হেৰাই যোৱা কুমলীয়া প্রতিশ্রুতিবোৰৰ…
আজিও স্মৃতিৰ বিশৃঙ্খল কোঠালিত
সাৱধানে ফঁহিয়াই চালে মই বিছাৰি পাওঁ
পুৰণি দিনৰ কিছুমান সপোনৰ টুকুৰা,
কেইটামান আধৰুৱা গীতৰ কলিৰ প্রতিধ্বনি,
আৰু সন্ধিয়া ভাহি অহা গীতাৰৰ সুৰবোৰ…
ব্যস্ততাৰ মাজতো আহৰি লৈ
মিচিকি হাঁহি এটি মাৰে জীৱনে,
যেতিয়া মোৰ মনত পৰে…।
Comments
Post a Comment