সি মনালিছাৰ হাঁহি ভাল নেপায়
সি মনালিছাৰ হাঁহি ভাল নেপায়,
অকস্মাতে সাহসী হৈ উঠা এটি মন,
আৰু হঠাতে সাৰ পাই উঠা সুপ্ত অনুভূতিবোৰৰ যেন
অপ্রকাশিত কিছুমান অনুভবৰ ভেটা ভাঙি অহা ঢল…
তাতেই বৈ যায় মোৰ অজ্ঞাতে মোৰ সমগ্র সত্ত্বা,
তাতে আকৌ মোৰ চকুলৈ চাই সি কি ক’লে শুনা-
সি মনালিছাৰ হাঁহি ভাল নেপায়…
ডা ভিঞ্চীৰ অনুপম সৃষ্টি তাৰ মানত নগণ্য,
মুখ টিপি হঁহা মানুহজনীৰ প্রহেলিকা প্রহেলিকা লগা
ৰূপটো সি ভাল নেপায়,
তাই হেনো নিজক লৈ বৰ আত্মসচেতন ,
নিসৰ্গজ অন্তৰ্ভাৱ যেন নাই তাইৰ হাঁহিত,
আৰু সেয়েহে উজাগৰি ৰাতিৰ সাক্ষী ৰূপে দেখা
গুড়ি ক’লা পৰা মোৰ দুচকু দেখি সি কয় যে
সি হেনো মনালিছাৰ হাঁহি ভাল নেপায়…
মনালিছা হ’ব পাৰে বিশ্ববিখ্যাত শিল্পীজনাৰ প্রসীদ্ধিৰ কাৰণ,
কিন্তু প্রাণৱন্ত জীৱনৰ চকুলো নাই সেই দুচকুত…
কোনো নিবিড় উপলব্ধিত আপ্লুত হৈ
উন্মনা অনুভূতিৰে কান্দি নুঠে মনালিছাৰ দুচকুৱে,
তাইৰ চকু দুটিত নাই পবিত্র স্মিতাৰ প্রতিফলন
ওঁঠতে সীমিত তাইৰ হাঁহি..
সেয়ে নেকি বাৰু এটি সন্ধিয়াৰ আলিঙ্গনত
মোক কাষতে বহুৱাই সি মোক ক’লে যে
সি মনালিছাৰ হাঁহি ভাল নেপায় ????
মনালিছা, তুমি শুনিছানে?
নেপাবা বেয়া তুমি অচিন সেই কোঁৱৰক
তুমি জানো প্রেমত কান্দিছিলা ?
তুমি জানো জীৱন নদীৰ ঘাটত ৰৈ জীপাল কৰিলা
তেওঁৰ পৃথিৱী ?
দিলা জানো মৰমৰ প্রতিশ্রুতি নেদেখা নজনাকৈ ?
এতিয়া হয়তো তুমি বুজিছা মনালিছা
যে তোমাৰ হাঁহি সি কিয় ভাল নেপায় ।
ভূল নুবুজিবা তুমি মনালিছা,
তুমিতো অনন্যা
অতুলনীয় তোমাৰ খ্যাতি……
মই সেয়েহে সুধিছিলোঁ তাক
“তুমি কিয় মনালিছাৰ হাঁহি ভাল নোপোৱা ?”
মৌনতাৰ শব্দ সি শক্তিশালী বুলি কয়
মোৰ দুচকুলে চাই মাথো লাহেকৈ ক’লে
“মই মনালিছাৰ হাঁহি ভাল নেপাওঁ ।”

Comments
Post a Comment