সাগৰ...
নীলাভৰ বুকুত তুমি বিলীন হৈ আছা…
আৰু মই ?
মাথোঁ কল্পনা কৰিছোঁ নীলিমাৰ সান্নিধ্যত
আৰু সাগৰ পাৰত বহি থকা তুমি
আৰু তোমাৰ নির্জনতা…
সাগৰৰ নীলা মই দেখা নাই জানা ?
কোনো মহানগৰীৰ আষে পাষে খুন্দা মাৰি যোৱা
এমুঠি সাগৰ হে দেখিছোঁ মই…
মই দেখা নাই সীমনাহীন সাগৰৰ
অপৰিসীম মৰম…
নাই দেখা শিলৰ ওঁঠত সাগৰৰ ঢৌৱে অঁকা চুম্বন…
তুমি দেখিছানে ?
অনুভব কৰিছানে মোৰ হাতৰ পৰশ,
যেতিয়া এলানি ঢৌৱে আহি
তোমাৰ ভৰি দুটি স্পর্শ কৰিছিল ?
দোকমোকালিৰ বতাহজাকে তোমাক
আমনি কৰোঁতে তোমাৰ মনত পৰিছিল নে
মই তোমাৰ বুকুত আঁকি দিয়া আলসুৱা চুমাবোৰ ?
এদিন তোমাৰ সৈতে মই সাগৰ চাম
আৰু সাগৰৰ পাৰত মই বিলাই দিম
আমাৰ মৰমৰ অনুৰাগবোৰ…
নীলাভৰ বুকুত…
নীলিমাৰ সান্নিধ্যত……
Comments
Post a Comment