বৰুৱাৰ বিজুতি...
জুৰিৰ আজি জ্বৰ । দেউতাক, মানে ৰাম বৰুৱাই বুজিলে যে তেওঁ আজি দুপৰী্যা ভাত সাজ ভালকৈ খাবলে নাপায় । পত্নী অঞ্জলী বৰুৱা আজি নামঘৰৰ কিবা কামত ব্যস্ত, সেয়েহে আজি ভাতসাঁজ ৰন্ধাৰ আহৰি নাই তেওঁৰ । বত্রিছ বছৰী্যা নুমলীয়া জীয়েক জুৰিৰ বিয়াৰ চিন্তাই মানুহতোক সময়তকৈ সোনকালে বয়সীয়াল কৰি তুলিছে ।জুৰি দেখাই-শুনাই ভাল, কিন্তু পঢ়াত কেঁচা ।সেয়েহে স্নাতকৰ ডিগ্রীটো ল’ব নোৱাৰিলে । বাপেকৰ দেহলাও জুৰিলৈ এসময়ত বহুত দৰা ওলাইছিলে ।কিন্তু ৰাম বৰুৱাৰ যিহে বাচ-বিচাৰ; তেওঁৰ জুৰিলৈ ল’ৰা পছন্দ নহয় হে নহয় । কোনোবা এটা ক’লা, আনটোৰ মাকজনী কাঢ়া, কাৰোবাৰ চাকৰী সন্তোষ্টজনক নহয়, ইত্যাদি, ইত্যাদি । দুইজনী বায়েক ৰুমী আৰু কুকিয়ে পঢ়ি-শুনি ভাল চাকৰিও পালে আৰু উচিত সময়ত সিহঁতৰ বিয়া-বাৰুও হৈ গ’ল ।
জুৰিৰ বাবে বায়েকহঁতৰ বৰ চিন্তা । ৰুমীৰ গৃহস্থ গগণ তামুলীয়ে খুলশালীয়েকলৈ দৰা বিছাৰি হাবাথুৰি খাইছে । গগণ জলসিঞ্চন বিভাগৰ কাৰ্য্যবাহী অভিযন্তা ।ইঞ্জিনীয়াৰ বুলি অলপ ভেমো আছে গগণৰ ।ঘৈণিয়েকৰ ভনিয়েকলৈ দৰা বিছাৰি উলিওৱাটো তেওঁৰ বাবে এটি “প্রেষ্টিজ ইচ্ছু” হৈ গৈছিল ।আজি তেওঁ ৰাতিপুৱাৰ পৰাই এটা কথা ভাবি আছে ।ৰুমীক তেওঁ ক’লে, “হেৰা, মই এটা কথা ভাবিছোঁ ।আমাৰ অফিছত যে নতুনকৈ জইন কৰিছে, এছ ডি অ’ ৰবিন দাস, সি বাৰু আমাৰ জুৰিলৈ কেনেকুৱা হ’ব? মানুহটো বৰ ভাল বুজিছানে ? এবাৰ দেউতাক ক’বাছোন কথাষাৰ ।“ ৰুমীৰ মেজাজটো আকৌ অলপ গৰম । দেউতাককে তাই দোষ দিয়ে জুৰিৰ বিয়া পলম হোৱাৰ বাবে । গিৰিয়েকৰ কথা শুনি তাই ভেকাহি মাৰি উঠিল,” মই নোৱাৰোঁ দেই দেউতাক এইবোৰ ক’ব । জীয়েকলে কোনোবা ৰজা বা মিনিষ্টাৰ আহিব বুলি ৰৈ আছে । তুমিয়ে ক’বা দৰাৰ কথা ।মোক এইবোৰত আজুৰি নল’বা ।“
গগণে শহুৰেকলৈ তৎক্ষণাত ফোন লগালে ।তেওঁৰ কথা শুনি ৰাম বৰুৱাইও ভাল পালে । গগণক ক’লে,” তুমি মানুহজনক পঠিয়াই দিবা ।আলেঙে আলেঙে জুৰিইয়েও চাই ল’ব পাৰিব ।কিন্তু তুমি তেওঁক কৈ নিদিবা যে ছোৱালী চাবলৈ পঠিয়াইছা বুলি ।পছন্দ নহ’লে এনে এনে বেয়া পোৱা-পুই হ’ব ।“
কথা মতে কাম ।গগণ তামুলীয়ে ৰবিন দাসক শহুৰেকৰ ঘৰলৈ পঠিয়াবলে উপোযুক্ত অজুহাত এটা ভাবি উলিয়ালে ।অফিছ গৈ পাইয়ে তেওঁ দাসক মাতি আনি ক’লে,”দাস, এটা কাম আছিল ।যদি বেয়া নোপোৱা তুমি এতিয়াই বোকাখাটলৈ যাব পাৰিবানে ? মোৰ শহুৰৰ ঘৰলৈ বুলি এটা মাছ আনি থৈছিলোঁ ।তুমি দি থৈ আহিব পাৰিবানে ?”
ৰবিন দাসৰ উপায় নাই । ভাল নেপালেও ‘বছ’ৰ কথা পেলাব নোৱাৰে ।সেয়েহে মস্ত পাঁচ কিলোৰ ৰৌ মাছটো জীপ খনৰ পিছফালৰ চিটটোত থৈ তেওঁ যাত্রা আৰম্ভ কৰিলে যোৰহাটৰ পৰা বোকাখাটলৈ ।দাস ঠাণ্ডা মানুহ; গগণৰ অভিসন্ধি বুজি পোৱাৰ তেওঁৰ ক্ষমতা বা মনোবৃত্তি নাই ।ভনীয়েক চাৰিজনীক বিয়া দি আজৰি হওঁতে হওঁতে ৰবিন দাসৰ সাতত্রিশ বছৰ বসয় হ’লহি ।এতিয়াহে তেওঁ মাজে মাজে ভাবে বিয়াৰ উপযুক্ত সময় হয়তো তেওঁৰ পাৰ হৈ গ’ল ।দৰমহাৰ টকাকেইটাৰে নিজলৈ কিবা কৰাৰ সময় আৰু সুযোগ দাসে এতিয়াহে পাইছে ।
তিনিজনমান মানুহক সুধি-সুধি দাস ৰাম বৰুৱাৰ পদুলীমুখ পালেহি ।জীপৰ হৰ্ণৰ শব্দ শুনি ৰাম বৰুৱা বেগা-বেগীকৈ ওলাই আহিলে চোতাললৈ ।বাৰাণ্ডাতে থকা বেতৰ চকীখনত দাসক বহিবলৈ দি তেওঁ ঘৰৰ ভিতৰলৈ সোমাই গ’ল ।ইতিমধ্যে জুৰিয়ে এগিলাচ পানী লৈ বাহিৰ পালেহি ।দাসে ৰৌ মাছটো জুৰিৰ হাতত তুলি দিলে ।জুৰি ধুনীয়া ছোৱালী; দাসে কথাটো মন নকৰি নোৱাৰিলে ।এনেতে ৰাম বৰুৱাও আহিলে ওলাই বাৰাণ্ডালৈ ।দেখাই শুনাই কথাই বতৰাই ৰবিন দাস মানুহটো বৰুৱাৰ ভালেই লাগিল ।কিন্তু এটি কথায়ে তেওঁৰ মনটো খু-দুৱাই আছে বাৰুকৈ ।‘দাস’ কলিতা নে ডোম ? কথাটো সুধিবলে তেওঁৰ সত হোৱা নাই ।এফালে বৰ জোঁৱায়েকে দেখুৱাই দিয়া ল’ৰা !! দোধোৰ-মোধোৰত পৰিল তেওঁ ।পত্নী অঞ্জলীও আজি নামঘৰত- নহ’লে অঞ্জলীৰ হতুৱাইয়ে কিবা প্রকাৰে কথাটো সোধা্লেহেঁতেন ।যি কি নহওঁক, ‘কলিতা’ মানুহ বুলি গপত গঙ্গাটোপ বৰুৱাই জীয়েকক ডোমলৈ নিদিয়ে কোনো পধ্যে ।লাগিলে জুৰি ঘৰতে বুঢ়ী হওক ।
জুৰিয়ে ক’লেহি,” দেউতা, ভাত বাঢ়িছো ।আপোনালোকে খাই লওকহি ।“
বৰুৱাই জুৰিক বাহিৰৰ কোঠাটোতে ভাতৰ আয়োজন কৰিবলৈ কৈছিল ।দাসক ভিতৰৰ কোঠালৈ সুমুৱাই লৈ যাবলৈ তেওঁ অলপ ইতস্ততঃ কৰিছিল; মানুহজন কলিতা নে ডোম নজনাকৈ একদম ঘৰৰ ভিতৰলে নিবলে তেওঁ অলপ বেয়া পাইছিল ।ভাতৰ পাতত দুয়ো বহিল । ভাত-পানীৰ যোগান ধৰি জুৰি বাৰাণ্ডালৈ ওলাই গ’ল ।
ৰাম বৰুৱা আৰু ৰবিন দসে ভাত খাই বৈ উঠিল ।বৰুৱাই বাৰাণ্ডাৰ বেতৰ চকীত বহি চিঞৰিলে,”জুৰি, তামোলৰ বটাটো লৈ আহচোন ।“ দুবাৰমান মতাৰ পিছতো জুৰি ওলাই নাহিলত বৰুৱা আচৰিত হ’ল ।“জুৰি জুৰি” বুলি মাতি মাতি ঘৰৰ ভিতৰ পালেগৈ তেওঁ ।আতাইবোৰ কোঠাত চালে তেওঁ – জুৰি ক’তো নাই ।ৰবিন দাসো জুৰিৰ চলাথত লাগিল ।এনেতে দাসৰ চকু পৰিল পাকঘৰৰ এচুকত থকা সৰু টেবুলখনৰ ওপৰত কাঁহৰ গিলাচ এটাৰ তলত থোৱা এখিলা কাগজত । কাগজখিলা দাসে তুলি লৈ পঢ়ি ল’লে । তাৰ পিছত কাষতে ৰৈ থকা ৰাম বৰুৱালৈ নিৰবে কাগজখন আগবঢ়াই দিলে ।কঁপা কঁপা হাতেৰে বৰুৱাই কাগজখন লৈ পঢ়িলে – জুৰিৰ চিঠি,” দেউতা, মই আহোঁ ।মোক তোমালোকে নিবিছাৰিবা ।মই ইকবাল দাক ভাল পাওঁ, আৰু তেওঁৰ লগত ডিগবৈলে যাওঁ ।তাতে তাৰ ঘৰ ।আমি আজি আবেলি নিকাহ কৰিম ।মোক ক্ষমা কৰি দিবা ।“ ইকবাল আহমৈদ বৰুৱাৰ ঘৰৰ কাষৰ গেলামাল দোকানখনৰ মালিক ।
গম নোপোৱাকৈয়ে ৰাম বৰুৱাৰ মুখৰ পৰা ওলালে,” ইয়াতকৈ ডোমেই ঠিক আছিল !!!”

Comments
Post a Comment