নাই...

মেঘডৰাৰ কোনো ঠিকনা নাই….
কপাহী পৰশ সানে আকাশৰ বুকুত,
অনুভবৰ অশ্রু ঢালে মোৰ সজল চকুত,
শুভ্র সাজেৰে সাঁতুৰি ফুৰে
কোন দেশলৈ মোৰ বাতৰি নিয়ে ?
তৰালী, তুমি  বোৱাৰী; নীৰদৰ ওৰণিখন লোৱা,
মোৰ মন আকাশত বেলি আৰু অৰ্ণোদৰ নিৰন্তৰ অহা যোৱা …..

সপোনৰ কোনো সীমা নাই……..
বিবেকৰ বুজনি নেমানে সপোনে,
সপোনক আকোৱালে মনৰ দাপোনে,
তোমাৰ মোৰ সপোনবোৰৰ কি আছিল নাম ?
বিছাৰিলেই জানো তোমাক কাষতে পাম ?
ভগ্ন সপোনৰ বেজাৰে উপচাই মন
হয় কাৰোবাৰহে সপোন আৰু দিঠকৰ সঙ্গম 

প্রেমৰ কোনো পৰিধি নাই…….
অনুভবৰ ঢৌ দেখিছা জানো ?
হৃদয়ক বান্ধিব পাৰিলা জানো ?
তোমাৰ বুকুত অনুৰাগৰ তৃষা,
মোৰ মনত বহু কহুঁৱা আশা ;
উজাগৰি ৰাতি তোমালৈ অপেক্ষা কৰাৰ আমেজ,
নিতৌ পুৱা পাওঁ তোমাৰ মৰমবোৰ সতেজ…..

কবিতাৰ কোনো নিয়ম নাই…..
বেদ, উপনিষদ, মহাকাব্য, অভিধান,
আছে জানো তাতে তোমাৰ ভাবনাৰ জ্ঞান ?
সিদ্ধান্ত মানিবানে ?আনৰ সেই কথা,
তুমিয়ে ৰচিবা আমাৰ স্নেহৰ নব প্রথা ;
আখৰৰ আলিঙ্গন আৰু মাদকতাৰ বেশ
নব নব সৃষ্টিৰে জিলিকিছে পৰিবেশ….

Comments

Popular Posts