মোৰ মনৰ বতৰা

নিবানে কঢ়িয়াই মোৰ মনৰ বতৰা ?” সুধিলোঁ বতাহক মই,

প্রত্যুত্তৰৰ আশাত বহুপৰ থাকিলোঁ পদূলিমুখতে ৰৈ 

দালিকো খাতিলোঁ বহুতো আজি, “চেনাইলৈ বাতৰি লৈ যা

ডাৱৰৰ আঁৰত সিও লুকালে, মোৰ মনলৈ নামিল ছাঁ 

নিশা জোনাকক কৰিলোঁ কাবৌ, কৰিলোঁ অনেক খাতিৰ,

কিন্তু উপজি নুঠিল অলপো দয়া জোনাকী নিষ্ঠুৰ ৰাতিৰ 

তৰালীক লো, “তোৰ বুকুতে লেখি দিওঁ মনৰ কথা,

চেনাইক গৈ জনাবি নিৰবে তই মোৰ জীৱনৰ বেথা 

তৰালীয়েও নুবুজিলে, নিনিলে বতৰা, নিৰাশ নিৰ্লিপ্ত মোৰ মন,

অনিশ্চয়তাৰ সৈতে বিশ্বাসৰ আজি লাগিছে প্রচণ্ড ৰণ 

নৈৰ বোৱতি পানীকে কৰিলোঁ কাকূতি, “তেওঁক মাতি লৈ আহ,

নহলে আঁতৰৰ এই চেনেহীৰ পৃথিৱী যাব জাহ 

নৈ নির্ব্বিকাৰ, ঢৌও নিতাল, আবর্ত আবেগবিহীননিসহায়,

কোনো এক তত্বই নোৱাৰিলে নিব বাতৰি, দিলে মোক হঠাতে বিদায় 

এনেতে পালোঁ মই মোৰ মনৰ মাজতে কটকী, বতৰা দিবগৈ আজি,

আহিব চেনাই, হাঁহিব মোৰ মনে, দিবহি নতুন পৃথিৱী সাজি

Comments

Popular Posts