দূৰৰ পর্বতৰ উখ শীখৰটি...............
দূৰৰ পর্বতৰ উখ শীখৰটি
জানো হাতেৰে ধৰিব পাৰি ?
তথাপি মনে সবল সাহস পাই
দূৰতেই তাৰ উপস্থিতি দেখি ।
কোবাল লুইতৰ ৰুপুৱালী ঢৌ
নোৱাৰি মুঠিত থ’ব,
তথাপি জানো মই সেই ঢৌ আহি
মোৰ বুকুতে থিতাপি ল’ব ।
চিৰস্থায়ী, জাউতিজুগিয়া আৰু
চিৰযুগমিয়া মোৰ আবেগ,
অবুজন হই উঠিছে জানা মন মোৰ
নুবুজে যুক্তিপূৰণ কোনো বিবেক ।
বলিস্থ মনৰ বৃহৎ সমর্থন
আৰু শব্দৰ এই মাদকতা কি যে মায়াবী,
দুৰু দুৰু কপা দূৰণিৰ হিয়াৰ কপাহী মৰমে
শুৱনী কৰিছে আহি মোৰ পৃথিবী ।
মৰম আকলুৱা শুকান মন, খৰাং হিয়া…
জিপাল কৰি তুলিলা তুমি,
বহু স্মৃতি বহুতো আবেগ আৰু
এটি বিশেষ উপলব্ধি আজি মই পালো চিনি ।
নেমানে মনে আজি মোৰ কোনো ৰীত
আৰু নেজানো মই কোনো সীমা সমাজৰ,
তুমিয়ে আদি, তুমিয়ে অন্ত,
তুমিয়ে প্রেৰণা মোৰ জীবনৰ ।।।।
Comments
Post a Comment