অঘৰী কবিতা আৰু যাযাবৰ কবি
অঘৰী কবিতা আৰু যাযাবৰ কবি,
আমাৰ অনুষঙ্গৰ নাম নাই….
তোমাৰ নদীত মোৰ মৰমৰ ঢৌ,
নির্জন দ্বীপত ঢৌৰ ইচাতি-বিচাতি…
আবেগৰ চাকনৈয়াত হেৰায় চিনাকী,
বিচাৰ বিবেচনাৰ প্রয়োজন নাই,
যুক্তিৰ কোনো স্থান নাই,
আবেগৰ কোনো উপমা নাই
মৰমৰ কোনো ভাষা নাই….
মোৰ নদীৰ বন্ধা দিশ নাই,
তোমাৰ অনুভবৰ হেনো ঠিকনা নাই…
নিজান ৰাতিৰ এছাটি বতাহ
সময়ৰ সাঁচিপাতত আমাৰ উশাহ…
এটা কথায়ে বুজি পাওঁ,
মই তোমাক ভাল পাওঁ…..
ভৰ দুপৰীয়াৰ ৰ’দৰ বেলিকা
তুমি বিতপীৰ ছাঁ নে
জাঁপি এটি হৈ মোক ঢাকি ৰ’বা
মই নেজানোঁ…
মূৰ দোৱাই অঞ্জলী লওঁতে
অকল মোকেই সুঁৱৰিলা নে ?
মই নুশুনিলোঁ…
তুমি মোক আতাইতকৈ বেছি ভাল পাওঁ বুলি কওঁতে
তোমাৰ মনত কিমান
ভাবনাৰ ঢৌ উঠিছিল মই নেজানিলোঁ…
এবাৰ তুমি আকৌ আহিবা
মোক পুৱাৰ নিয়ৰে ছুই যোৱাৰ আগেয়ে,
শীতৰ কুৱঁলীয়ে মোক ঢাকি ধৰাৰ আগেয়্
সময়ৰ সোঁতে মোক লৈ যোৱাৰ আগেয়ে,
মাটিৰ বুকুত মই মিলি যোৱাৰ আগেয়ে……
আমাৰ অনুষঙ্গৰ নাম নাই….
তোমাৰ নদীত মোৰ মৰমৰ ঢৌ,
নির্জন দ্বীপত ঢৌৰ ইচাতি-বিচাতি…
আবেগৰ চাকনৈয়াত হেৰায় চিনাকী,
বিচাৰ বিবেচনাৰ প্রয়োজন নাই,
যুক্তিৰ কোনো স্থান নাই,
আবেগৰ কোনো উপমা নাই
মৰমৰ কোনো ভাষা নাই….
মোৰ নদীৰ বন্ধা দিশ নাই,
তোমাৰ অনুভবৰ হেনো ঠিকনা নাই…
নিজান ৰাতিৰ এছাটি বতাহ
সময়ৰ সাঁচিপাতত আমাৰ উশাহ…
এটা কথায়ে বুজি পাওঁ,
মই তোমাক ভাল পাওঁ…..
ভৰ দুপৰীয়াৰ ৰ’দৰ বেলিকা
তুমি বিতপীৰ ছাঁ নে
জাঁপি এটি হৈ মোক ঢাকি ৰ’বা
মই নেজানোঁ…
মূৰ দোৱাই অঞ্জলী লওঁতে
অকল মোকেই সুঁৱৰিলা নে ?
মই নুশুনিলোঁ…
তুমি মোক আতাইতকৈ বেছি ভাল পাওঁ বুলি কওঁতে
তোমাৰ মনত কিমান
ভাবনাৰ ঢৌ উঠিছিল মই নেজানিলোঁ…
এবাৰ তুমি আকৌ আহিবা
মোক পুৱাৰ নিয়ৰে ছুই যোৱাৰ আগেয়ে,
শীতৰ কুৱঁলীয়ে মোক ঢাকি ধৰাৰ আগেয়্
সময়ৰ সোঁতে মোক লৈ যোৱাৰ আগেয়ে,
মাটিৰ বুকুত মই মিলি যোৱাৰ আগেয়ে……
Comments
Post a Comment