নিৰিবিলি নিশা…
এখন ৰূপুৱালী নৈৰে উজাই গৈ
বিছাৰি ফুৰিছিলোঁ প্রশান্তিৰ ঠিকনা…
কতনা অৰ্ণবৰ গভীৰতা দেখিলোঁ,
বহুতো পৰ্বতৰ শিখৰত ভ্রমিলোঁ…
অভিযোগৰ মালাটাৰি আঁন্ধি লৈ মই
বহু হৃদয়ত শোকৰ নৈ বোৱালোঁ..
হাবিয়াসৰ অনন্ত মহাসাগৰ বুকুত,
আৰু সপোনৰ কাৰেংতো সহস্র কোঠালি;
ৰিঙা বৰ্ত্তমান আৰু সোণালী শৈশৱৰ
স্মৃতিবোৰে আহি কৰেহি ধেমালি…
কিমান অভিমান কৰিম আৰু?
কিমান আৰু মনোমালিন্যক প্রশ্রয় দিম ?
একেটি জীৱন মোৰ,
আৰু মনৰ ভঁৰালত সাচি থ’ম মই
আপুৰুগীয়া হাঁহিৰ সম্পদ;
চকুলোখিনি কৃপনালিৰে খৰচ কৰিম…….
প্রশান্তিৰ পজাঘৰটো বিছাৰি নেপালেও
আত্মতৃপ্তিৰ ঠিকনা নিশ্চয়ে পাম……
Comments
Post a Comment