অৰুণাচলৰ কথা………
আৰুশীৰ কোমল পৰশে জিলিকাই তোলা অৰুণাচলৰ নীলা পাহাৰবোৰত
বহু শুভ্র অনামিকা জলপ্রপাত দেখিলোঁ...
প্রকাণ্ড চূড়াবোৰৰ গভীৰ বুকুত বৈ থকা সূঁতিবোৰ
লোহিতৰ বুকুত বিলিন হৈ যেন মহাৰ্ণৱৰ সন্ধান হে পালে…
বাৰিষাৰ উচটনিত গুজৰি-গুমৰি থকা বেৰেঙ আৰু তেৰেঙ নদীৰ
তাণ্ডৱ ৰুপে টেঙাপানী, চৌখাম আৰু খেৰেমৰ পথাৰবোৰত
আতঙ্কৰ ভূঁইকপ অনা দেখিলোঁ মই,
তোমাৰ উপস্থিতি মই অনুভৱ কৰিছিলোঁ
টেঙাপানীৰ কুহুম-বুলীয়া বৌদ্ধ মন্দিৰৰ কণমানি ভিক্ষুবোৰৰ
কুমলীয়া প্রাৰ্থনাই সুভাসিত কৰি তোলা এটি নিজান গধুলিত...
পাহাৰ ভৈয়াম ৰামধেনুৱে একেই কৰা বুলি ভূপেন্দ্রই কোৱা মনত পৰিছিল
যেতিয়া দেখিছিলো উদয়ক আঁচনিৰ হালধীয়া খুঁটাবোৰ;
পৰ্বতৰ শিল ভাঙি সাকোঁ বন্ধা সেই পৰিচয়হীন বনুৱাবোৰৰ
চিহ্ন বিছাৰি চলাথ কৰিছিলোঁ পাহাৰৰ উজ্জ্বল মুখবোৰ;
সেই হাঁহি মিহলি মুখবোৰ আকা, আপাটানি, নিচি, গালং, খোৱা, মিচিমি, মনপা,
নকটে, আদি, মিজি, মেম্বা, পুৰৈক, ৱাংছু, লিছু, নে আন কোনোবা জাতিৰ?
মই নেজানিলোঁ..........
কামলাঙৰ বুকু ফালি আগুৱাই যোৱা ক’লটাৰৰ মিশ্রিন আলিত
নিৰলে ঘূৰি ফুৰা এহাল মেথোনৰে মুখামুখি হ’লো -
মেথোনহাল বনৰীয়া নে পোহনীয়া মই নেজানিলোঁ...
নিচাসিক্ত দুই-এটা ডেকা ল’ৰাৰ বিনাশগ্ৰস্ত যৌৱনৰ জৰাজীৰ্ণ সমাধিত
নিৰবে বহি চকুলো টোকা বুঢ়াটোৰ বেজাৰৰ সমভাগী হ’লো,
লোহিতৰ বহল বুকুত পৰশুৰামৰ পৰিত্রাণৰ গাঁথাও দেখিলোঁ মইঁ;
কিন্তু চীনদেশৰ আকাঙ্ক্ষাক প্রত্যাখ্যান কৰা পাহাৰবোৰৰ বিননি কোনেনো শুনিছে আজি?
বিশ্বপ্ৰকৃতিৰ এই নন্দন-কাননৰ পৰা উভতাৰ পৰত
মই দেখিলোঁ এঁকা-বেঁকা ঘাইপথৰ কাষৰ মিলৰ-খুঁটাত জিলিকি থকা কেইটামান ক’লা আখৰ,
“On the bend, go a slow friend……………..”
Comments
Post a Comment