কবিতাৰ এনিশা......

এনিশা আমি দুয়োয়ে এটি কবিতা ৰচিছিলোঁ
কিন্তু নাছিল সি কোনো অনুৰাগী প্রেমিক-প্রেমিকাৰ
প্রণয়ৰ কবিতা,
মই ভাবিছিলোঁ কোনো এক দুৰ্বল মুহূৰ্ত্তত
ঊষা-অনিৰুদ্ধ বা বেউলা-লক্ষ্মীন্দৰৰ আৰ্হিৰে আমি লেখিম আমাৰ কাহিনী ….
পিছে নব নব প্রযুক্তিৰ যান্ত্রিক পৃথিৱীত
আজি আহৰি নাই কাৰো কবিতা পঢ়িবলৈ ;
কলিকতাৰ পৰিনীতায়ো হয়তো ভবিছিল তেওঁৰ চানেকিৰে আমি কবিতা লিখিম,
প্ৰত্নতাত্বিক প্রসিদ্ধ ইমাৰতো নাছিল সেই কবিতাৰ প্রেৰণা,
কাৰণ মই তাজমহলৰ শুভ্র মাৰ্বলৰ বেৰটো
মমতাজৰ চকুপানীৰ দাগহে দেখিলোঁ…..
আমাৰ কবিতা নহয় মৃত্যুৰ জয়গাঁথা,
মই তোমাক কৈছিলোঁ যে তুমি জীৱনৰ কথা লিখা-
ভগ্নস্তূপৰ উৱঁলা সমৃদ্ধিৰ কথা নহয়,
বুৰঞ্জীত সমাধি লোৱা কৌটিকলীয়া প্রাচূৰ্য্য বা মৰহা পাপৰিৰ
বিষয়ে নিলিখোঁ আমি ,
নিশাৰ বুকুত নিৰাপত্তাৰ চিয়াঁহীৰ চলাথো কৰা নাছিলোঁ আমি,
অকৃত্রিম অনুভববোৰ নিগৰি আহিছিল নীলা কলমটোৰে -
মোৰ অশ্রুসিক্ত দুচকুত জিলিকি উঠিছিল এটি নতুন কবিতাৰ পাতনি

মই কিন্তু কবি নহয় ;
লেও তোমাৰ শব্দৰ মূৰ্ছনাত বিলীন হৈছিলোঁ মই, আজিও হওঁ
ৰাতিৰ বুকুত কুছিমুছি সোমাইছিল মেঘাছন্ন আবেগবোৰ,
ক্ষন্তেকৰ একাগ্রতা যথেষ্ট নাছিল আমাৰ কবিতাৰ বাবে,
সেয়েহে দুয়ো মেলানি মাগিছিলোঁ নিশাটিৰ পৰা
বুকুত তোমাৰ অসম্পূৰ্ণ এটি কবিতাৰ টোপোলা
আৰু মোৰ শিৰত প্রতিশ্রুতিৰ এচিকুট সেন্দুৰ
সপোন ৰচাৰ বা ভবিষ্যতৰ কোনো অনাগত দিনৰ বা
আশা-প্রত্যাশাৰে ভৰা কবিতা লিখিবলেও আমাৰ সময় নাছিল

বৰষাসিক্ত কোনো গধূলী নৈসৰ্গৰ সৈতে কথোপকথোন কৰিলে
প্রসংগক্রমে তোমাৰ যদি মনত পৰে সেই সন্ধিয়াৰ কথা,
কৈ দিবা তুমি আমি দুয়োয়ে লিখা সেই অসম্পূৰ্ণ কবিতাৰ ইতিহাস
যিদিনা ক্ষন্তেকৰ বাবে জীৱনে বিৰতি লৈছিল দৈনন্দিনৰ কাৰ্য্যসূচিৰ পৰা ;
বহু নিশা আহিলে, আৰু বহু নিশা আহিব…..
কিন্তু অসম্পূৰ্ণ কবিতা ৰচাৰ সেই নিশা আছিল
বিশ্ৰদ্ধ অনুভূতিৰ এনিশা
অসম্পূৰ্ণ দুটি জীৱনে সম্পূৰ্ণতা বিছাৰি পোৱাৰ এনিশা,
কবিতাৰ এনিশা……

Comments

Popular Posts