নিজান বননিৰ এটি গধূলি...

সূৰ্য্যাস্তৰ পৰত মই দেখিলোঁ পৃথিৱী

আৰু দেখা পালোঁ বহু কণামুনা উপলব্ধিৰ উদ্বেগ-অনুদ্বেগৰ মেলা

এটা একা বেকা ধূলিময় আলিবাট দেখোঁ,

উদ্দেশ্য হয়তো কোনোবা দূৰৰ গন্তব্যস্থলৰ ঠিকনা

গধূলিৰ পৰশে সাৱটি ধৰে মোৰ পৃথিৱী,

যেন এক অভিক স্নেহে আহি ছুই  হঠাতে আহি……

তেজ ৰঙা বেলিটিয়ে সানি দিলে হেঙূল আবিৰ নিলীমাৰ কপালত

 কইনাৰ লাজেৰে নিৰব মোৰ পৃথিৱী
এই গধূলি

অৰণ্যৰ শ্যামল অনুৰাগৰ হাবিয়নিত ফুলি থকা 
এপাহ অপৰাজিতাৰ হাঁহিৰ খলকনিতে যেন 

সাৰ পাই উঠিছে হেঁপাহৰ তৰঙ্গিনীৰ বহু সুপ্ত আবেগ

অটল ধৰাধৰো যেন আজি অশান্ত

নিবিড় আমেজত জিৰাই থকা দুটামান কাছদেখিছিলোঁ,

নৈৰ বালিতে পৰি গুণা গঁথা কৰি আছিল হয়তো সিহঁতি

ভবিষ্যতৰ বহু পৰিকল্পনা মনত
একাঁজলি আশীষ, দুমুঠি আশাৰ সন্ধান

চালি ধৰা ময়ূৰৰ বৰ্ণিল পাখিত জিলিকে এবুকু সপোন,

উৰি যোৱা বগলীজাকে বিমুক্ত কৰে মোৰ মন.. 
বহু বান্ধোনৰ পৰা

অৰুণোদয়ৰ আগমনত হেৰাই যাব এই সন্ধিয়াৰ ৰমণিয়তা

কিন্তু আকৌ আহিব ঘূৰি, নিতৌ এনে এটি মোহময়ী গধূলি

মোৰ জীৱনৰ সন্ধ্যা তৰাৰ বতৰা লৈ, সপ্তঋষিৰ আশীর্বাদ হৈ………

Comments

Popular Posts