মোৰ দেউতা
বহু যুগ যেন পাৰ হৈ গ’ল,
লুইতৰ পানীও বহু বৈ গ’ল,
তোমাৰ স্মৃতি বুকুতে সাৱটি লৈ মই বহুখিনি আগুৱাই আহিলোঁ…
তোমাৰ বোধেৰে আজি মোক তুমি সফল নে বিফল বুলিবা মই নেজানোঁ;
জনাৰ যে কোনো উপায়ো নাই…
হয়তো তুমি শিকোৱা প্রতিতো কৌশল নতুবা প্রতিতো অনুশীলন
মই মানিব আজি পৰা নাই বা মানিবলে মোৰ ধৈৰ্য্য নাই…
কিন্তু মই মোৰ প্রতিতো সফলতাত তোমাৰ
আশীৰ্বাদৰ প্রতিফলন দেখোঁ ;
ব্যৰ্থ প্রচেষ্টাবোৰত তোমাৰ বুজনি বিছাৰোঁ আজিও মই…
তুমি বিচাৰকৰ্ত্তা নোহোৱা যদিও
মোক আজি তুমি ভাল বা বেয়া বুলি ক’লাহেঁতেন নে নাই মই নেজানোঁ,
কিন্তু জানিবলে মন যায় মোৰ……
হয়তো অজানিতে বা জ্ঞাতসাৰে মই কৰা বহু ভুল পদক্ষেপৰ
তুমি প্রহৰী হৈ ৰ’লাহেঁতেন…
মোৰ যে সেই কথা জনাৰো কোনো উপায়ে নাই আজি…
জীৱনৰ বহু গুৰুত্বপূৰ্ণ আলি-কেঁকুৰীত থিয় হৈ
মই তোমাৰ দিহা-পৰামৰ্শৰ অপেক্ষাত ৰৈছিলোঁ,
যদিও মই জানিছিলোঁ যে তুমি একো নোকোৱা..
কিয় জানো হঠাতে কেতিয়াবা মোৰ মনৰ মানুহজনাৰ মাজতো
মই তোমাৰ প্রতিচ্ছবি বিছাৰি ফুৰোঁ ……..
হয়তো কাতিমহীয়া সেই কালৰাত্রিৰ বুকুত
অকস্মাতে হেৰাই যোৱা মোৰ শৈশৱৰ অকলশৰীয়া সমাধিত
তুমি মুছিব নোৱাৰা গভীৰ সাঁচ বহাই গ’লা..
মোৰ কুমলীয়া অনুভববোৰ কঠোৰ হৈ পৰোতে
সেই নিশা তুমিও হয়তো চকুলো টুকিছিলা…
মই নেজানিলোঁ…
তুমি শ্বহীদ, নে নৰহত্যাৰ বলি হোৱা মাথো মোৰ দেউতা,
তাক বিশ্লেষণ কৰাৰ পাৰদৰ্শিতা দুটি দশক আগেয়ে মোৰ নাছিল
আৰু আজিও নাই…
আবেগৰ দুৱাৰডলিত মই ৰৈ প্রতি মুহূৰ্ত্ততে তোমাক সোঁৱৰোঁ,
সোঁৱৰণীৰ বুকুত তোমাক মই সাঁচি থওঁ আলফুলে,
ক্ষমা কৰোঁ তোমাক কাঢ়ি লৈ যোৱা সেই সময়ক,
আকোৱালি লওঁ বহু সংহতিহীন সিদ্ধান্ত…
কৰণীয় সকলোখিনি একাগ্ৰতাৰে কৰি যাওঁ..
ভাল-বেয়া, পাপ-পূণ্য , ভুল-শুদ্ধ - সিদ্ধান্ত আৰু পৰিণতি
প্রতি খোজতে তোমাক মই অনুভব কৰোঁ;
তোমাৰ মোলৈ মনত পৰে নে নাই,
মোৰ ভূত-বৰ্ত্তমান-ভবিষ্যতত তোমাৰ আগ্ৰহ আছেনে নাই,
মই নেজানোঁ আৰু জনাৰ উপায়ো নাই………..
কিন্তু মই যে তোমাৰেই প্রতিবিম্ব
মোৰ জীৱনত তোমাৰ উপস্থিতি শাশ্বত,
শুনিছা যদি শুনা তুমি ;
নে তোমাৰো আজি মোক ঢুকি পোৱাৰ
বা মোৰ কথা শুনাৰ কোনো উপায়ে নাই ??

Comments
Post a Comment